Narayan (Audio) Sri Raghupati | Pranoy Dutta | Arshad M | Danish | Ravi Sarma | SUV | In Cinemas Now

Поделиться
HTML-код
  • Опубликовано: 6 июн 2023
  • Presenting the audio of the song #Narayan from the movie #SriRaghupati.
    Sailen Sharma, Maniratna Entertainment
    Present
    #RaviSarma Starrer
    "Sri Raghupati"
    IN CINEMAS NOW
    ♫ Track Info ♫
    Song: Narayan
    Singer: Pranoy Dutta
    Lyrics: Danish Ahmed
    Composer: Pranoy Dutta, Arshad M. Rahman
    Music: Pranoy Dutta
    Khol & Bortal: Pankaj Borah
    Flute: Bhaskar Kondoli
    Violin: Manoj Baruah
    Music Label: Rootstock Entertainments
    নাৰায়ণ
    ___
    হে নাৰায়ণ
    হে নাৰায়ণ
    কিনো অৱতাৰ
    প্ৰাণৰ কাতৰ
    তোমাৰ চৰণ
    যাতনা যি যত'
    আমাৰ জীৱন
    অকালৰ আঘাতে ঘূণীয়া কৰিলে
    কৃপা কৰা প্ৰভু
    শৰণে ল'লো আমি
    কৰুণাময় তুমি
    কৰি অপৰাধ শত
    গায় হৰিনাম জন
    শৰণে ল'লো আমি
    কৰুণাময় তুমি
    কৰি অপৰাধ শত
    গায় হৰিনাম জন
    ___
    আশে পাশে জীৱনে বিভীষিকা ৰচিলে
    জলঙাৰে পোহৰে অকণি সুখ জগালে
    নিৰাময় তোমাকে সেৱা জনালো আজি হে প্ৰভু
    শৰণে ল'লো আমি
    কৰুণাময় তুমি
    কৰি অপৰাধ শত
    গায় হৰিনাম জন
    শৰণে ল'লো আমি
    কৰুণাময় তুমি
    কৰি অপৰাধ শত
    গায় হৰিনাম জন
    __
    প্ৰাণৰ কাতৰ
    তোমাৰ চৰণ
    যাতনা যি যত'
    আমাৰ জীৱন
    অকালৰ আঘাতে ঘূণীয়া কৰিলে
    কৃপা কৰা প্ৰভু
    শৰণে ল'লো আমি
    কৰুণাময় তুমি
    কৰি অপৰাধ শত
    গায় হৰিনাম জন
    শৰণে ল'লো আমি
    কৰুণাময় তুমি
    কৰি অপৰাধ শত
    গায় হৰিনাম জন………
    ♫ Movie Credits ♫
    Director-Screenplay-Editing: #SUV (Suvrat Kakoti)
    Starcast: Ravi Sarma, Preety Kongana, Priyam Pallavi, Sidhartha Sarma, Arun Nath, Arun Hazarika, Rina Bora, Raj Sharma, Bornali Pujari, Seema Baruah, Sanjiv Burhagohain, Kukil Saikia, Manjit Sharma, Sumki Kachari
    Producer: Sailen Sharma
    Story-Dialogue: Ravi Sarma
    Original Background Score: Pranoy Dutta
    Music Programmer: Pranoy Dutta, Risheeraj Gogoi, Pragyan Hazarika
    D.O.P.: Pradip Daimary
    Makeup: Bijeyata Patgiri
    Costume: Juri Kalita
    Choreography: Sachin Baruah
    Associate Director: Hemanta Gogoi
    Associate Cinematographer: Uttam Kalita
    Chief AD & Script Supervisor: Jyotishman Chetia
    Casting Director: Nitu Khanikor
    Assistant Director: Talukya Baruah, Samiran Das
    Production Controller: Manuj Kr Mishra
    DI: Azanur Rahman
    VFX: Mwkthang Machahary
    Sound Design: Souvik Phukan
    Poster: Dainan Nongthombam
    Digital Promotion :
    Rootstock Entertainments
    (Arnab Hazarika, Monuj Boraik)
    Subscribe Now!
    NOTE: Any illegal reproduction or re-upload of this content in any form will result in immediate action against the person concerned.
    ___________________________________
    Enjoy & stay connected with us!
    Instagram : / rootstockentertainments
    Facebook : / rootstockentertainments
  • ВидеоклипыВидеоклипы

Комментарии • 2,5 тыс.

  • @chandanagogoi2299
    @chandanagogoi2299 Год назад +302

    এয়া শংকৰ আজানৰ অসম । সেয়ে দুখলাগে কেতিয়াবা পৰিৱৰ্তনৰ প্ৰভাৱ দেখি 😢😢😢 গীতটো প্ৰশংসাৰ উৰ্ধত🙏🙏🙏

  • @dkhvdsvj649
    @dkhvdsvj649 Год назад +775

    ১০ বছৰ মানৰ পাছত ..... এখন ভাল অসমীয়া cinema চাব পালো.... যত অভিনয় আৰু সংগীত সকলো perfect ❤
    ধন্যবাদ ৰবি দা🌼

    • @manshideka9102
      @manshideka9102 Год назад +4

      Akdm right 👍❤️😍

    • @bikashsonowal4683
      @bikashsonowal4683 Год назад +3

      Umm

    • @ashimborah4852
      @ashimborah4852 Год назад +4

      ❤Jiman bar hunileu hepah nopolai ❤

    • @ChayanikaDevimoina-ur7po
      @ChayanikaDevimoina-ur7po Год назад +3

      গানটো হিদয় চুই গল চিনেমা খনো চাই বহুত ভাল লাগিল

    • @AxomRexx
      @AxomRexx Год назад +3

      Kotha tu hosa aru agoloi sabo pam buli asha thakil ❤

  • @manasjyotideka2111
    @manasjyotideka2111 Год назад +569

    মুচলমান লৰা এজনে ইমান ধুনীয়াকৈ আমাৰ ভগৱান নাৰায়ানক উপস্থাপন কৰিছে । ইমান ধুনীয়া কবলৈ ভাষা নাই ❤️

    • @cutevloggersd
      @cutevloggersd Год назад +3

      মুচলমান লৰা নহয় নেকি..pranoy Dutta

    • @manasjyotideka2111
      @manasjyotideka2111 Год назад +11

      @@cutevloggersd moi writer tur kotha koisu

    • @JunakiPegu-oe8fx
      @JunakiPegu-oe8fx 11 месяцев назад +28

      হিন্দু মুছমান বুলি কাকো তুলনা nkoriba অসমত আছে যেতিয়া ছবেই অসমীয়া

    • @truefox1602
      @truefox1602 5 месяцев назад

      ​@@JunakiPegu-oe8fx❤❤❤❤❤wah এইয়া হে 🥺🥺❣️

    • @jishnu_drawings
      @jishnu_drawings 2 месяца назад +3

      মুছলমনৰো তেজ ৰঙা হিন্দুৰো তেজ ৰঙা।।।। আমি নিজেই হে নিজক শ্ৰেষ্ঠ দেখুৱাবলৈ এই বিভাজন কৰিছোঁ।।। এই বিভাজন বোৰে যে আমাৰ মানসিকতা বহুত তললৈ লৈ গৈছে 😢

  • @sankardassankardas486
    @sankardassankardas486 Год назад +148

    গান টো শুনি মোৰ মা দেউতা চৰণত সেয়া জনাইছোঁ । পৃথিৱীৰ সকলো মা দেউতা ভালে থাকক প্ৰণীপাত জনাইছোঁ কৰোনাময় তোমাক । বহুত সুন্দৰ হৈছে শুনিলে শুনি থাকিব মন 🙏

  • @BihuBinondiya
    @BihuBinondiya Год назад +4973

    Hey Narayan written by Danish Ahmed, composed by Arshad Rahman. This is Assam. Proud to be an Assamese.

    • @jugaldas7484
      @jugaldas7484 Год назад +67

      That's really awesome bro

    • @jahnaviborah5019
      @jahnaviborah5019 Год назад +261

      তাৰ পাছতো মানুহে ধৰ্মৰ নামত প্ৰভেদ আনিব বিচাৰে, চাওকচোন দাদা...

    • @sumandeka4324
      @sumandeka4324 Год назад +14

      Tamam🤘

    • @bishalbivaanlaskar8433
      @bishalbivaanlaskar8433 Год назад +75

      Ufff.... আমি এক...ধৰ্ম ই পৃথক কৰিব নোৱাৰে।

    • @reflectionassam
      @reflectionassam Год назад +6

      ❤❤❤

  • @backloglitefilms7204
    @backloglitefilms7204 Год назад +1037

    ডেনিছ আহমেদ
    অৰ্শ্বদ এম ৰহমান
    আল্লাৰ দৰবাৰত
    নাৰায়ণৰ জয়গান
    ( নিজৰ মাতৃভূমি অসম খনক লৈ গৌৰৱবোধ কৰো❤️)

    • @pakhiproduction4887
      @pakhiproduction4887 Год назад +8

      Joi aai Axom ❤

    • @nitya548
      @nitya548 Год назад +18

      চিনেমা খনত এই গানটো শুনি চকুপানী ওলাই গ'ল 😢।
      “ৰঘুপতি ” কিন্তু 🔥🔥❤️

    • @abhijit9546
      @abhijit9546 Год назад +6

      Kun blor Allar dorbar?

    • @nilutpalkashyap-sd5kp
      @nilutpalkashyap-sd5kp Год назад +1

      Hoi Joi aai axom ❤️❤️👀

    • @alaiya_07_
      @alaiya_07_ Год назад +7

      @@abhijit9546 bro, axomiya jodi axomiya hoi thakok. Onaxomiya dharmik probhab poribo nidibo. Belegot dhormor namot jaa taa holeu axom khonok axom hoi thakibo diok

  • @ajmirsheikh90
    @ajmirsheikh90 11 месяцев назад +45

    কেতিয়া বা তোমাক............
    কন্দুৱাও যদি.............
    ক্ষমা কৰি দিবা তুমি............
    তুমি যেন উপহাৰ এটি...❤️
    Love you MAA ❤️❤️❤️❤️❤️

  • @ASSAMESE_STATUS_CREATION
    @ASSAMESE_STATUS_CREATION Год назад +269

    এই গীতটি হুনি চকু পানি নোলোৱা মানুহ নাই চাগে । Best song Raghupati 🔥❤️

  • @bhargavrajzero8617
    @bhargavrajzero8617 Год назад +102

    ছবি খন চাই থাকোঁতে এইটো গীতৰ লগত দৃশ্য টো দেখি চকুৰ পানী ৰখাব নোৱাৰিলোঁ 😭 ধন্যবাদ ৰবি শৰ্মাৰ লগতে ৰঘূপতিৰ কৰ্মকৰ্তা সকল এনেকুৱা এখন অসমীয়া ছবি উপহাৰ দিয়াৰ বাবে ❤️❤️ জয় অসমীয়া ছবি ❤️❤️❤️

  • @HIROKZGMANIA
    @HIROKZGMANIA Год назад +110

    সংগীতৰ কোনো জাতি নাথাকে কোনো ধৰ্ম নাথাকে তাৰেই প্ৰমাণ এই সুন্দৰ গীতটো ধন্যবাদ টিম ৰঘুপতি এই সুন্দৰ গীতটো উপহাৰ দিয়াৰ বাবে#নাৰায়ণ 🙏

  • @bibisaikianeog7901
    @bibisaikianeog7901 11 месяцев назад +134

    এই গীত টো যিমান বাৰ শুনিছো গাৰ নোম শিয়ৰি গৈছে 😢ইমান এখন ধুনীয়া চিনেমা উপহাৰ দিয়াৰ বাবে শ্ৰী ৰঘুপতি টীমলৈ অশেষ ধন্যবাদ ❤️🙏🏻😍

  • @Bornali144
    @Bornali144 Год назад +89

    ৰঘুপতি চবি খন উপভোগ কৰোতে এই গানটো বজা সময় খিনি সচাঁকৈ বহুত বেলেগ! " নিজক নিজেই অনুভৱ কৰি জীৱন টো চিনিব পৰা এক সুকিয়া আবেগ "❤️

  • @alangkritadutta7994
    @alangkritadutta7994 Год назад +335

    হুকহুকাই কন্দুৱাইছিল গীতটিয়ে। এখন সুন্দৰ চিনেমা উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ টীম শ্ৰী ৰঘুপতিলৈ❤

  • @lizadeka6698
    @lizadeka6698 Год назад +565

    গীতৰ কি শক্তি 🥺❤️। যেতিয়া প্ৰিয়ম পল্লবী বাৰ মৃত্যু হৈছিল তেতিয়া কন্দা কটা নকৰাকৈ এই গান টোৰ দ্বাৰা বুজাই দিয়া হৈছিল মৃত্যুৰ বেদনা 🥺। "অকালৰ আঘাতে ঘুনিয়া কৰিলে " উফ্ হৃদয় চুই গৈছে ।

  • @moushumisoni2225
    @moushumisoni2225 Год назад +337

    কি সাংঘাটিক হৈছে গানটো ! গা ৰ নোম শিয়ৰী উঠা অনুভৱ । বাৰে বাৰে শুনিছোঁ গানটো ❤❤

  • @banashreesworld9178
    @banashreesworld9178 Год назад +61

    Lyrics- Danish Ahmed
    ইমান ধুনীয়া কৈ লিখিছে ভগবানৰ গান এটা আৰু আমাৰ কিছুমানে এতিয়াও হিন্দু মুছলমান কৰোতেই গৈছে
    বেয়াবোৰত আগেই জাতি টোক বেয়াকৈ কবলৈ আগবাঢ়ি আহে কিন্তু ভাল বোৰত নিমাত হৈ নেদেখা ভাও ধৰে🙂

  • @historylearning8017
    @historylearning8017 Год назад +176

    গীতৰ কি শক্তি! চিনেমা খন চাই থাকোতে সকলো নীৰৱ...মাথোঁ উচুপনি...গীতটোৰ লগত জড়িত সকলক প্ৰণাম

  • @nikunath8663
    @nikunath8663 Год назад +191

    ভাষাবিহীন এটি গীত, চবিখনৰ প্ৰতিটো দৃশ্য আকৌ এবাৰ চকুত সন্নুখত 🥺 ধন্যবাদ আপোনালোক লৈ এনেকুৱা এখন চবি উপহাৰ দিয়াৰ বাবে।

    • @snigz111
      @snigz111 Год назад +3

      bohut dhuniya heart touching song

    • @nikunath8663
      @nikunath8663 Год назад +2

      @@snigz111 nkba ru 💕

  • @parulacharyya9958
    @parulacharyya9958 Год назад +60

    চিনেমা হলত উচুপনিৰ শব্দ, গাৰ নোম লিয়ৰি উঠিছিল সেই সময়ত, বৰ সুন্দর কথাছবি আমাক উপহাৰ দিলে,, ৰঘুপতিৰ সকলো কমকর্তা লৈ আশীর্বাদ থাকিলে, আৰু আগ বহাই নিয়ক ভগৱানে 🙏🙏🙏🙏🙏🙏

  • @lakhyaheerarajkhowa9786
    @lakhyaheerarajkhowa9786 Год назад +62

    সুন্দৰ গান 👌👌👌👌👌এইয়াই অসম আৰু অসমীয়াৰ সংস্কৃতি, গৌৰাম্বিত 😊শ্ৰী ৰঘুপতিৰ সৈতে জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলো এনে এখন সুন্দৰ চলচ্চিত্ৰ উপহাৰ দিয়া বাবে ❤🙏

  • @drgamer2128
    @drgamer2128 Год назад +62

    এই গীতটি শ্ৰী ৰঘুপতি চিনেমা খনত যিটো মুহূৰ্তত ব্যৱহাৰ কৰিছে, মোৰ চকুত অনুভৱবোৰে থূপ পাতিছিল ! যেন অজুহাত পালেই বৈ আছিব... আচলতে এয়াই সংগীতৰ শক্তি !❤❤❤

  • @Simanta_saikia
    @Simanta_saikia Год назад +434

    *সঁচা কথা কোৱা কোনে কোনে কান্দিলা* 😊 । গাঁৰ নোম হিয়ৰি উঠিছিল। ধন্যবাদ ৰবি দা❤❤❤ এনেকুৱা এখন movie দিয়াৰ বাবে। *ভবাতকৈ বহুত উচ্চ* খাপৰ❤ অনুগ্ৰহ কৰি বেলেগ ভাষা লৈ dubbing কৰিব sun 🙏🙏

    • @Tamamclips
      @Tamamclips Год назад +9

      damn jetiya film khn sai thakutei ei gaan2 baaje 😮😮 bhakha nai kobole

    • @padumisutradhar3096
      @padumisutradhar3096 Год назад +3

      Moi to bohot kandilu 😊😊😊

    • @karishmadas1173
      @karishmadas1173 Год назад +3

      Moi😢

    • @ancienttt892
      @ancienttt892 Год назад +1

      gar num hiori uthisil ai gantut, ketya nu sokur pani ulai ahil gomei npalu, protitu music emn dhunia koi khap khaise scenes buror logot

    • @ancienttt892
      @ancienttt892 Год назад +1

      hosakoi, bor dhunua mvie akhn axom bakhik upohar dile kintu

  • @manikabarman9236
    @manikabarman9236 Год назад +36

    মই হুকহুকাই কান্দি দিছোঁ, প্ৰিয়ম পল্লবীৰ মৃত্যুৰ দৃশ্যত এই গানটো শুনি । এটা চিৰসেউজ গীত হিচাবে সদায় মনত থাকি যাব । ধন্যবাদ ৰবি দা আৰু টীম ৰঘুপতি ।❤❤❤❤

  • @JyotiraniJrani-ig5de
    @JyotiraniJrani-ig5de Год назад +42

    বহুত গান শুনি শুনি ডাঙৰ হ'লো, বা এতিয়াও শুনো বহুত গান। কিন্তু এই গান টি হৃদয়ৰ মাজত যি ঠাই ললে আৰু কোনো গীতৰ লগত তুলনাই নাই। হৃদয়স্পর্শী গীত❤❤❤

    • @rkentertainment198
      @rkentertainment198 Год назад

      Really too good......I loved it too much

    • @sanjanakochari2468
      @sanjanakochari2468 Год назад

      সচাই শুনিলেই চকুপানী ওলায় ।

  • @nayanaboruah7216
    @nayanaboruah7216 Год назад +200

    নাজানো কিয়!!!গীত টি শুনিলে কিবা এটা বিষ অনুভৱ কৰোঁ বুকু খনত❤❤❤ আচৰিত শক্তি এটা আছে 🙏 গীত টিৰ আঁৰৰ সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ #ৰঘুপতি❣️❣️❣️❣️

    • @rimlipatowary5724
      @rimlipatowary5724 Год назад +3

      সচাকে বুকু চুই যায় 👍😢🙏

  • @bidyutbikashgogoi5722
    @bidyutbikashgogoi5722 Год назад +47

    চিনেমাখন চাই অহাৰ পিছৰে পৰা এই গীতটি অতিকৈ প্ৰিয় হৈ পৰিল ❤
    প্ৰণয় দালৈ ধন্যবাদ জনালো 🙏

  • @manabrajkhowa908
    @manabrajkhowa908 Год назад +59

    গান টো বহুত অভূতপূৰ্ব ,আশা কৰো অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে‌ ‌‌শ্ৰী ৰঘুপতি ‌ মানুহৰ মাজত চিৰযুগমীয়া হৈ ৰৱ।

  • @priyankahazarika9418
    @priyankahazarika9418 Год назад +81

    "শৰনে লৈলোঁ আমি " এই অংশই জোকাৰি গৈছে বাৰুকৈ। শব্দহীন ❤❤

  • @dijenkalita3107
    @dijenkalita3107 Год назад +78

    ধৰ্মই এক কৰে বিভাজন নহয়।তাৰেই সঠিক উদাহৰণ। তদুপৰি "শ্ৰী ৰঘুপতি" য়ে হৃদয়ত এক সুকিয়া স্থান ল'লে।গীতটো বহুত আটোম-টোকাৰিকৈ সজাই আমাক উপহাৰ দিলা।

  • @mrinmoy__xd
    @mrinmoy__xd Год назад +39

    হয়টো এনেকুৱা এজন মানুহ হলত নাছিল যিজনে এই গীতটি শুনি নিজৰ চকুপানী ৰখাব পাৰিছিল......ধুনীয়া চিনেমাৰ সৈতে এটি অতি দুখ লগা গীত🥲..... পল্লবিবাৰ মৃত্যুত এই গীতটোৱে বহুত কন্দুৱালে 😢😫🥲

    • @FarbinSultana-sq7lg
      @FarbinSultana-sq7lg Год назад +2

      Muk o 🥲🥲🥲 moi pisot cinema xon enjoy koribo nowarilu

    • @nature-ly3gq
      @nature-ly3gq Год назад +2

      Ekdom thik koise apuni ..sokupani ulai goisil Huna loge loge

  • @JayantaChutia-zb1ez
    @JayantaChutia-zb1ez Год назад +43

    শ্ৰী ৰঘুপতি চাই থাকোতে "নাৰায়ণ" গানটো বাজোতে বহুতৰে হয়টো আপোনা আপুনি চকুপানী বৈ আহিছিল ।গীতটুৱে শিহৰণ তুলি কলিজালৈকে শিপাই গ'ল ।সঁচাই এটা হৃদয় ছুইযোৱা গীত ।"নাৰায়ণ"অপূৰ্ব সৃষ্টি ।

    • @nayanjyoti143
      @nayanjyoti143 Год назад

      Bohut. Xosa k drissotu sokulo tuki jay

  • @sanchitabora3815
    @sanchitabora3815 Год назад +96

    ইমান সুন্দৰ গীত এটি আমাক উপহাৰ দিয়াৰ বাবে Team শ্ৰী ৰঘুপতিলৈ অশেষ ধন্যবাদ 🙏❤

  • @rimpeephukonmaina399
    @rimpeephukonmaina399 Год назад +16

    চকুপানী ৰখাবই নোৱাৰিলোঁ ছবিগৃহত 😢কিবা যেন দুখ এখিনিৰ চকুলো ওলাই আহিল উফ হৃদয় বিদাৰক 😞 প্ৰতিজন দৰ্শকৰ হৃদয় চুই যোৱা এটি গীত

  • @sarishmitasaikia6364
    @sarishmitasaikia6364 Год назад +16

    Bare bare git tu xunixu 💓💓💓🥺🥺🥺... very heart touching song...xoxai ai git tu xunilei gom puwa jai mritur bedona ki asolote 😓😓😓😓thank you Raghupati team... proud of you 🌼🌼🌼🌼

  • @ruprekhasenapoti3253
    @ruprekhasenapoti3253 Год назад +28

    কি অপূৰ্ব .. গীতটো সচাঁই বৰ সুন্দৰ । চিনেমাখন সকলো দিশৰ পৰাই খুব সুন্দৰ হৈছে । আশা ৰাখিলো ভবিষ্যতে যেন এনেকুৱা সুন্দৰ সুন্দৰ ছবি আমি উপভোগ কৰিবলৈ পাওঁ । 👍
    চিনেমাখন এবাৰ চালো পাৰিলে আকৌ চাম । হাজাৰ বাৰ চাই থাকিলেও হেঁপাহ নপলাই ।

  • @bhanimakalita4021
    @bhanimakalita4021 Год назад +56

    এই গীতটিৰ কাৰণে #শ্ৰীৰঘুপতি চিনেমা খন আকৌ এবাৰ চালো ❤❤
    টীম শ্ৰীৰঘুপতি সকলোকে বহুত বহুত ধন্যবাদ ইমান সুন্দৰ চিনেমা এখন আমাক উপহাৰ দিয়া বাবে🙏

  • @SanjuhazarikaSanjuhazari-lw9lv
    @SanjuhazarikaSanjuhazari-lw9lv Год назад +53

    কিমান বাৰ শুনিলো ঠিক নাই ,, গানটোত কি শক্তি আছে নাজানো।। কিন্ত প্ৰতেক বাৰতে গাৰ নোম শিয়ৰি উঠে ।। উফ্,,, গানৰ কি শক্তি।।। ❤❤❤❤❤ প্ৰণয় দা মানি গলো আপোনাক।।।। 🙏🙏🙏🙏🙏

    • @Debolina_Devi
      @Debolina_Devi Год назад +1

      কিবা যেন সুনিয়েই থাকিম💗 ufff গাৰ নোম ডাল ডাল হৈ গল প্ৰথমবাৰ শুনি , যেইবাৰে শুনিছোঁ একেটাই অনুভৱ,, সঁচাই এইখন অসমত প্ৰতিভাৰ অভাৱ নাই💗 জীয়াই থাকক এনেকুৱা মাত ,লিখনি ,,,🙏

  • @sanjeebbaishya1012
    @sanjeebbaishya1012 Год назад +42

    হৃদয়স্পৰ্শী। বুকুত খাজ কাটি যোৱা..!! Keep making such touchy songs.
    OP to #Danish & #Arshad

  • @Xyz20013
    @Xyz20013 Год назад +28

    অসমীয়া চলচ্চিত্ৰ জগতৰ এটা ভাল দিশ দেখা পালো শ্রী ৰঘুপতি চিনেমা খনৰ দ্বাৰা। ধন্যবাদ টিম ৰঘুপতি । জয় আই অসম

  • @infinitydigital9104
    @infinitydigital9104 Год назад +125

    শ্ৰেষ্ঠতম অসমীয়া বোলছবি । ৰবিদা লৈ শুভেচ্ছা। এই বছৰৰ শ্ৰেষ্ঠ উপহাৰ। 🎉🎉🎉🎉

  • @nimijiu1716
    @nimijiu1716 Год назад +47

    গানটো হলত বজাৰ লগে লগে গাৰ নুম শিয়ৰি উঠিছিল 🙏 ইমান ধুনীয়া কথা , সুৰ , পৰিচালনা 🙏🙏🙏

  • @dhanjitsarmah9706
    @dhanjitsarmah9706 Год назад +20

    00:36 ---- 1:00 এইখিনি শুনিবৰ কাৰণেই গাণটো ৰিপিড মোড কৰি আছো। উফ প্ৰণয় দত্ত❤❤❤❤
    এনেকৈ নাৰায়ণক বিনালে তেঁ‌ও সচাই শুনিব❤ সাংঘাতিক এইটো। কিমান যে শুনিম ।❤

  • @jyotismitadeka5704
    @jyotismitadeka5704 Год назад +36

    সঁচাকৈ ইমান সুন্দৰ কণ্ঠ😊 ক'বলৈ ভাষা নাই যেইবাৰে শুনিছোঁ গাৰ নোম সিয়ৰি উঠে😢

  • @jayshreesandeep3169
    @jayshreesandeep3169 Год назад +52

    যিমান বাৰ শুনিছোঁ সিমান বাৰ চকু ভৰি আহিছে। No word... Excellent.. just waoo.. thank you for this beautiful gift

  • @jichuborah2560
    @jichuborah2560 Год назад +61

    গাৰ নোম শিয়ৰি উঠিছিল ৰঘুপতি চাই থাকোঁতে 🙏বহুত সুন্দৰ কন্ঠ প্ৰণয় দা ❤️❤️

  • @himangshubora2080
    @himangshubora2080 Год назад +73

    শংকৰ-আজানৰ দেশ ❤️❤️
    গীতটোৰ বাবে স্ৰষ্টালৈ ধন্যবাদ।

  • @pinkiboruah9621
    @pinkiboruah9621 Год назад +24

    গানটোয়ে কন্দুৱাই দিয়ে অ,,,,,🥺🥺 বহুত বহুত ভাল লাগিল ৰঘূপতি চাই,,,,,❤❤

  • @karishmabhoralua4184
    @karishmabhoralua4184 Год назад +55

    চিনেমা খন‌ চাই থাকোতে হে বেছিকৈ বুজা যায়, গীততিৰ ভিতৰৰ দুখ কণ 😢❤। বৰকৈ কন্দুৱালে🥹❤️‍🔥

  • @archanachaliha9187
    @archanachaliha9187 Год назад +58

    চকু পানী ৰখাব নোৱাৰো এই গীত তো শুনিলে....আবেগিক হৈ পৰো....ভগবানে সকলোৰে ভাল কৰক...🙏🙏🙏

  • @HimakshiPatar
    @HimakshiPatar Год назад +11

    ইমান ধুনীয়া চিনেমা এখন উপহা হিচাপে দিলে বহুত Thankyou শ্ৰী ৰাঘূপতি টিম ❤❤❤❤❤

  • @nabankurpathak8745
    @nabankurpathak8745 Год назад +30

    নাজানো কিয়.. যিমানে নুশুনো কিয় শৰীৰৰ নোম সিয়ৰি উঠে..!🥺

  • @d.dentertainment
    @d.dentertainment Год назад +30

    আজি "ৰঘুপতি" চালোঁ।চিনেমা খন চাই থাকোঁতে এই গানটোত চকুৰ পানী ওলাই গৈছিল💔😔... কি হৃদয়স্পৰ্শী গীত ❤️👌আৰু ৰঘুপতি চিনেমা খনৰ কথা কবলৈ ভাষা নাই... সকলো ফালৰ পৰা সুন্দৰ। বহুত ভাল লাগিল এনেকুৱা এখন অসমীয়া চিনেমা চাই।😍
    জয় আই অসম❤️
    জয় অসমীয়া চিনেমা 🙌

  • @dhirajbarman5186
    @dhirajbarman5186 Год назад +142

    এই গানটি হলত যেতিয়া বাজিছিলে তেতিয়া সকলো উচুপি উঠিছিল 😢😢😢

  • @birajvlogs3121
    @birajvlogs3121 Год назад +22

    গাৰ নোম হিয়ৰি গৈছে অ' ।। ইমান ধুনীয়া হৈছে গানটো ❤️❤️❤️ ।।গানটো আৰু চিনেমাৰ সেই scene টো এতিয়াও মনত পৰি আছে 😭😭😭😭 ufffff ❤️❤️❤️❤️

    • @dk7693
      @dk7693 Год назад +2

      Hosake dei...bohut dhunia gan

  • @rupsanayasmin8923
    @rupsanayasmin8923 Год назад +56

    " হে নাৰায়ণ " গীতটিয়ে চিনেমাখনক বেলেগ এটা যোগাত্মক / ধনাত্মক দিশৰ মাত্ৰ প্ৰদান কৰিলে ।

  • @Day2daylifewith_birinchi
    @Day2daylifewith_birinchi Год назад +42

    শ্ৰী ৰঘুপতি চিনেমাখন যোৱাকালি চাই অহাৰ পাছৰে পৰা এই গীতটি নুশুনাকৈ থাকিব পৰা নাই...হৃদয় চুই গৈছে গীতটিয়ে 🥺...সঁচাকৈ অসমীয়া ছবিজগতৰ বাবে এখন শ্ৰেষ্ঠ ছবি শ্ৰী ৰঘুপতি ❤🔥

  • @user-oq7mz6di4r
    @user-oq7mz6di4r Год назад +37

    শৰণে ল'লো আমি
    কৰুণাময়ী তুমি....
    কৰি অপৰাধ শত
    গায় হৰিনাম জন... হৃদয় স্পৰ্শী❤

  • @munmigogoi9888
    @munmigogoi9888 Год назад +7

    গীতটিয়ে অন্তৰ চুই গ'ল প্রথমবাৰ শুনোতেই ,,,,ৰঘূপতি চোৱাৰ সময়তো চকপানি বৈ আহিছিল এই গীতটো শুনাৰ লগে লগে ,,,যেতিয়াই গীতটো শুনো চকুলো ওলাই আহে ,,বিশেষকৈ "শৰণে ল'লো আমি ,কৰুণাময়ি তুমি " এই শাৰীটো গোৱাৰ লগে লগেই যেন কিবা এক বিষাদে খুচিবলৈ লয় ,,,এনে লাগে যেন আত্মীয়-স্বজনক হেৰুৱাৰ বেদনা হে পাইছো | সুন্দৰ অসমীয়া ছৱি ,অপূৰ্ব সংগীত বহু দিনৰ মূৰত অসমবাসী ৰাইজক উপহাৰ দিয়াৰ বাবে ধন্যবাদ 💖,,,ৰঘূপতিৰ নাম থাকি যাব বহু পাছলৈও 💗💕💖ছৱিখনৰ লগত জয়িত সকলোলৈকে বহুত বহুত ধন্যবাদ 🙏 আগলৈও এনেধৰণৰ ছৱি পোৱাৰ আশাৰে 💖

  • @farnaz4778
    @farnaz4778 Год назад +20

    বৰ হৃদয় চুই যোৱা গান 😊❤️... ইমান ধুনীয়াকৈ লিখিছে 👍.. আৰু লগতে গানটোৰ সৈতে scene 2 মনত পৰি যায় 😊... বৰ দুখ লাগিছিল ❤️...

  • @capture4736
    @capture4736 Год назад +39

    শ্ৰী ৰঘুপতি চিনেমা খনত এই গীতটি যিটো মুহূৰ্তত ব্যৱহাৰ কৰিছে,বিশ্বাস কৰক মোৰ চকুত অনুভৱবোৰে থূপ পাতিছিল!যেন অজুহাত পালেই বৈ আহিব...আচলতে এয়াই সংগীতৰ শক্তি❤️

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o Год назад +21

    Arshad and Danish... Subrat.... 👏👏 got goosebumps.. Tears!! How great is it

  • @porishmitadergaon2714
    @porishmitadergaon2714 Год назад +17

    কি সুন্দৰ গীত ❤️ বহুত বেছি ভাল লাগিছে।।হে নাৰায়ন ❤️❤️

  • @manashpratimnath9896
    @manashpratimnath9896 Год назад +34

    কালি চিনেমা খন চাই থাকোতে গানটো শুনি গাৰ নোম শিয়ৰি গৈছিল... Team শ্ৰী ৰঘুপতি ক ধন্যবাদ জনাইছোঁ এনেকুৱা এখন সুন্দৰ ছবি উপহাৰ দিয়া বাবে 🙏🙏

    • @lonesinger07
      @lonesinger07 Год назад +1

      Ataitkoi bhal loga gaan eitu 😌

  • @dimpibora2771
    @dimpibora2771 Год назад +26

    নাৰায়ণ এক সুন্দৰ উপহাৰ। চিনেমা হলত কন্দুৱাইছিলে। এতিয়া শুনিলতো দুচকু ভৰি পৰিছে গাৰ নোম শিয়ৰি উঠিছে। সদায় প্ৰিয় হৈ ৰ'ব গানটি।

  • @karabidevi3791
    @karabidevi3791 Год назад +9

    চিনেমাখনৰ গানটো বাজি থকা সময়খিনি যেন উশাহো থমকি ৰ'ব..কি সুন্দৰ আৰু প্ৰতিগৰাকীৰ দৰ্শকৰ হৃদয়ত আলোড়ন তোলা এক হৃদয়ষ্পৰ্শী গান...গানটোৱেও ছবিখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে....অসমীয়া ছবিজগতত আকৌ এক নতুন ৰূপেৰে সোনকালেই ভূমুকি মাৰক আমাৰ মৰমৰ "হিৰ'..ৰবি দা❤❤

  • @trishnakristi
    @trishnakristi Год назад +37

    এই গীতটি শুনি চিনেমা খনত চকুপানী ৰখাব নোৱাৰিলোঁ হৃদই চুই গল গীতটি।

  • @Rajibvai000
    @Rajibvai000 Год назад +46

    চকুপানীক ধৰি ৰাখিব নোৱাৰা মূহুৰ্ত 😔❤️.. গানটো শুনিলে গা সিয়ৰি উঠে...কবলৈ ভাষা নাই❤️😔😔....best Assamese movie ❤️

  • @anusmitasarma2000
    @anusmitasarma2000 Год назад +35

    মনটো বৰ গধুৰ গধুৰ লাগি আছিল.....চকুপানীবোৰ বোৱাই দিয়াৰ মাধ্যম বিচাৰি পোৱা নাছিলোঁ... ‌‌গীতটিৰ স্ৰষ্টালৈ ধন্যবাদ 💙

  • @nilimaborah309
    @nilimaborah309 Год назад +17

    মন পৰশি যোৱা এটি সুৰ এটি গীত চিনমা খন চোৱাৰ পিচত শুনিয়েই আছো।বহুত ভাল লাগিল।

  • @sukanyagoswami2327
    @sukanyagoswami2327 Год назад +24

    এই গানটোৱে মোক ছবিঘৰত কন্দুৱাই দিলে ছবিখন চাই থাকোতে, গাৰ নোম শিয়ৰি উঠিছিল। একদম চুই যায়গে অন্তৰত। ইমান ধুনীয়া গীতৰ কথা, সুৰ সকলোবিলাকেই । ভাষাৰে কৈ বুজাই মই শেষ কৰিব নোৱাৰোঁ ❤️❤️❤️❤️❤️ আৰু সকলো অভিনেতা অভিনেত্ৰীৰে অভিনয় কি সুন্দৰ। ৱাহ 👏👏👏👏👏❤️❤️❤️❤️❤️

  • @sivakalita1647
    @sivakalita1647 Год назад +23

    ✍️... Danish ahmed,, ৰঘুপতি ❤. ইমান ধুনীয়া গান এটি উপহাৰ দিছে ...কবলৈ ভাষা নাই .. বহুত ভাল গান ..
    CINEMA SUPER HIT,
    Ravi Sarma ❤,,,,

  • @sumushere2743
    @sumushere2743 Год назад +61

    'হে নাৰায়ন' কোৱাৰ লগে লগে চকুপানী ৰখাব নোৱাৰিলোঁ । গোটেই গানটো কান্দুতেই গল🥺❤

  • @ppmusical4151
    @ppmusical4151 Год назад +13

    যিমানবাৰ গানটো শুনিছো,সিমান বাৰ চকুপানী টুকিছো।প্ৰত্যেকবাৰ গাৰ নোম শিয়ৰি উঠিছে।
    এইয়াই আমাৰ অসমীয়া গানৰ শক্তি।
    এনে গান আৰু পাম বুলি আশা ৰাখিলোঁ।
    অপুৰ্ব কণ্ঠ,লিখনি,সুৰ।❤

  • @megnavlogs8594
    @megnavlogs8594 Год назад +19

    সচাঁকৈ ইমান ধুনীয়া লাগিছে❤❤❤❤🎉🎉🎉চকু পানী ৰখাব নোৱাৰো এই গীত তো শুনিলে 🎉❤

  • @dibyajyotikalita9235
    @dibyajyotikalita9235 Год назад +40

    গীত টিৰ বাবে আকৌ চিনেমা খন চাব মন গৈছে!
    Goosebumped!!

  • @kabyashreemahanta885_
    @kabyashreemahanta885_ Год назад +42

    গীতটিয়ে মনটোক উচুপাই তুলিছিল যদিও গীতটিৰ দৃশ্য খিনিয়ে চকুপানী নিগৰাই আনিলে ❤ সঁচাকৈ প্ৰতিটো গীত ইমান সুন্দৰ ভাৱে উপস্থাপন কৰি তুলিছে। আকৌ এবাৰ দৃশ্য খিনি মনত পেলাই চকুলো টুকিছো 😢

  • @uddipanzgkashyap7167
    @uddipanzgkashyap7167 Год назад +9

    Film khon oti xunkalee CND app nai ba RUclips t diboloi onurudh jonalau robi daa bcz anee thakilee sai thakibo paru jate .... RUclips t diya 1 day 10M views ahibo krone mon gole film khon hall t sabo nuwarim ..... request...agree hole like ata koribo axom baxi raiz❤️

  • @dhritiraninath6262
    @dhritiraninath6262 Год назад +8

    ইমান ধুনীয়া এটা গান উপহাৰ দিয়া বাবে.❤❤❤❤....শব্দবোৰ..বাক্য...সুৰ...কবলৈ ভাষা নাই..মাথোঁ শুনি আছো❤❤❤...শুনি আছো....❤❤ শুনি আছো...❤❤❤

  • @pallabipolhazarika6047
    @pallabipolhazarika6047 Год назад +36

    এখন সুন্দৰ চিনেমাৰ লগতে সকলোৰে ব্যক্তিগত জীৱনৰ আৱেগৰ লগত জড়িত এটি ধুনীয়া গান❤❤❤অশেষ ধন্যবাদ শ্ৰী ৰঘুপতিৰ বাবে👍👍👏👏🙏❤❤❤

  • @monikagogoi9845
    @monikagogoi9845 Год назад +20

    শুনি আমনি নালাগে অন্তৰত চুই যায়❤❤❤❤

  • @pawanworld3549
    @pawanworld3549 Год назад +20

    এই গীতটো প্ৰত্যেক জন মানুহৰ জীৱনৰ লগত থকা আবেগ সোমাই আছে। মোৰ জীৱনৰ বহুত আবেগিক মূহুৰ্ত মনত পৰি গ'ল ।😢

  • @KhushiDas-ve2wc
    @KhushiDas-ve2wc Год назад +89

    এই গীতটো আৰু সেই দৃশ্য খিনি সঁচাকৈ এ চকুপানী ৰখাবো নোৱাৰিলোঁ 😔 বহুত আৱেগিক হৈ গৈছিলো।। অসমীয়া ছবিৰ ভিতৰত এখন শ্ৰেষ্ঠতম ছবি 🙏❤️ ধন্যবাদ সকলোকে ইমান ধুনীয়া এখন ছবি উপহাৰ দিয়াৰ বাবে ☺️ ধন্যবাদ ৰবি দা ❤️thanks to entire team #Raghupati

  • @sanjibdas1891
    @sanjibdas1891 Год назад +8

    ছবিখনৰ লগতে গীত বোৰও উফ ইমান ধুনীয়া উপহাৰ।।।
    ইমান সুন্দৰ কণ্ঠ লগতে লিখনি।।।
    ধন্যবাদ ৰবি শৰ্মা দা আৰু টীম SUV

  • @MrDutta-bz7xz
    @MrDutta-bz7xz Год назад +15

    চিনেমাখন চাই আহি গানটো শুনি, হৃদয় ভাগি যোৱা অনুভৱ।😢 সুন্দৰ #ৰঘুপতি🔥

  • @pulakmahanta1390
    @pulakmahanta1390 Год назад +60

    গাৰ নোম চিঞৰি উঠা এটা গান । বহুত দিনৰ পাছত ❤️
    Danish Ahmed 🙏

  • @pabandeka7453
    @pabandeka7453 Год назад +18

    গীতটিৰ দৃশ্যাংত আবেগিক হৈ পৰিছিলো ৷ চিনেমাখনৰ প্ৰতিটো দিশতে নিখুত ৷ বাৰে বাৰে চালেও হেপাহ নপলোৱা এখন ছৱি ৷ বহুত সুন্দৰ ৷ইমান ধুনীয়া ছৱি উপভোগ কৰি অভিভূত হলো ৷ ছৱিখনৰ সকলো টিমতোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ৷

  • @pinaxisworld6077
    @pinaxisworld6077 Год назад +33

    গাৰ নোম শিয়ৰি উঠিছিল cinema খনত যেতিয়া এই গানটো গাইছিল।
    Thank You
    ইমান এটা সুন্দৰ গান উপহাৰ দিয়াৰ বাবে ❤❤❤

  • @pranabjyotikalita3117
    @pranabjyotikalita3117 Год назад +123

    Ravi da k kune kune val puwa like kora ❤

  • @abinashsaikia2918
    @abinashsaikia2918 Год назад +27

    গীতটি যিটো সময়ত চিনেমা খনত দিছে সঁচাই চকুৰ পানী নিজেই নিগৰি আহিল, সঁচাই গীতৰ শক্তি আচলতে এনেকুৱাই

  • @enjoywithniku845
    @enjoywithniku845 Год назад +27

    গানটো শুনি কিবা এটা Positive vibe পাও | মনটো শান্ত হৈ পৰে |🙏🌼প্রভু 🌼🙏

  • @bikashgogoi6893
    @bikashgogoi6893 Год назад +36

    ❤️বহু অপেক্ষাত আছিলোঁ,ছবিখনৰ এইটি গীতে সকলোৰে মন চুই গল।বহুতৰে চকুত চকুলো বৈ আহিল।❤️

  • @comedy_assam
    @comedy_assam Год назад +20

    অসমীয়া ছবি জগতৰ এখন শ্ৰেষ্ঠ ছবিৰ দৰ্শক হব পায় গৌৰৱ তথা সুখ লাভ কৰিচো । অসমীয়া চিনেমাৰ ভাল দিন ঘূৰি আহিছে , ইয়াতকৈ আৰু ভাল দিন ঘূৰি আহিব বুলি আশাবাদি ❤️❤️

  • @user-mj8sq1tj3z
    @user-mj8sq1tj3z Год назад +7

    গানটোৱে হৃদয় চুই গৈছে ,,,গানটো শুনি চিনেমা হলত কান্দোনৰ পৰিৱেশ দেখিছোঁ,,,

  • @Lavenderr._256
    @Lavenderr._256 7 месяцев назад +3

    Gaan tu jtia u xnu ttya e kndaa ulai❤imn dhunia ke gaise

  • @rajiblochan597
    @rajiblochan597 Год назад +16

    গানটো কালিৰ পৰা শুনিয়ে আছো, চিনেমাখন চাই থাকোতে গাৰ নোম শিয়ৰি উঠিছিল৷কমেণ্ট কৰিবই পাহৰি গৈছিলোঁ৷ধন্যবাদ এনে এটি গীত উপহাৰ দিয়া বাৱে৷এইখনেই আমাৰ অসম৷জয় আই অসম৷🙏

  • @ranjudas7942
    @ranjudas7942 Год назад +9

    গীতটি শুনিয়ে ৰখাব নোৱাৰিলোঁ চকুপানী...uffffff .... চিনেমা হলত প্ৰথম বাৰ কান্দিছো।।নাৰায়ন এক সুন্দৰ উপহাৰ অসমবাসী়ৰ বাবে।ধন্যবাদ ৰঘূপতি team.....❤️❤️❤️❤️❤️

  • @Luma789
    @Luma789 Год назад +14

    I started crying when I was watching this scene ..... Literally got goosebumps 🥺
    Dhori rakhibo para nasilu 🥺❣️

  • @Mon967
    @Mon967 Год назад +9

    ভাষাহীন। সকলোকে বহুত বহুত অভিনন্দন ইমান ধুনীয়া গীত ৰাইজক উপহাৰ দিয়া বাবে

  • @debashreedevi9530
    @debashreedevi9530 Год назад +35

    ❤যিমান বাৰ শুনিলেও হেপাহ নপলাই ❤️ গাৰ নোম শিয়ৰি উঠে প্ৰতিবাৰেই ❤😢

  • @user-qr8ud9lt5h
    @user-qr8ud9lt5h Год назад +22

    Hey Narayan..... heart touching 😢😢
    1000 selute for lyrics Danish Ahmed 🙏🙏🙏