Prothome Pronamo Brahmo | ঘোষা : প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন | কীৰ্তন ঘোষা | শ্ৰীমন্ত শংকৰদেৱ

Поделиться
HTML-код
  • Опубликовано: 10 ноя 2022
  • Ghohkha | Prothome Pronamo Brahmo Rupi | ঘোষা : প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন | কীৰ্তন ঘোষা - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ চতুৰ্বিংশতি অৱতাৰ - প্ৰথম কীৰ্তন - জুবিন গাৰ্গৰ কণ্ঠত।
    !!ঘোষা!!
    জয় হৰি গোবিন্দ নাৰায়ন ৰাম কেশৱ হৰি!
    ৰাম ৰাম কেশৱ হৰি!!১!!
    পদ!!
    প্ৰথমে প্ৰনামো ব্ৰহ্মৰূপী সনাতন!
    সৰ্ব্ব অৱতাৰৰ কাৰন নাৰায়ণ!!
    তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত!
    যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত!!১!!
    মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত!
    উদ্ধাৰিলা চাৰি বেদ প্ৰলয়জলত!!
    সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া!
    নধৰিলা সমুদ্ৰে তোহ্মাৰ মৎস্যকায়া!!২!!
    কুৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে!
    লক্ষ প্ৰহৰৰ পন্থ জুড়িলা শৰীৰে!!
    কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে!
    ধৰিলা মন্দৰ গিৰি প্ৰভু পৃস্ঠভাগে!!৩!!
    দিব্য যজ্ঞবাৰাহ স্ৱৰূপে ভৈলা তুমি!
    লীলায়ে দন্তৰ অগ্ৰে উদ্ধৰিলা ভুমি!!
    তোমাক কৰিলে যুদ্ধ হিৰন্যাক্ষ বীৰি!
    অপ্ৰয়াসে দৈত্যক মাৰিলা দান্তে ছিড়ি!!৪!!
    আদি দৈত্য হিৰন্যকশিপু বলিয়াৰ!
    নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ!!
    কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস!
    ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আস্ৱাস!!৫!!
    বামন স্ৱৰূপে অদিতিৰ বাক্য পালি!
    ইন্দ্ৰক স্থাপিলা ছলে বলিক নিকালি!!
    ত্ৰৈলোক্যক আক্ৰমিলা চৰনৰ গতি!
    তযু পাদোদকে গঙ্গা ভৈলা উতপতি!!
    #borgeet #বৰগীত #ShrimantaShankardeva #ghohkha #kirtan #assamesedevotional
  • ВидеоклипыВидеоклипы

Комментарии • 89