#Dr
HTML-код
- Опубликовано: 8 фев 2025
- ১৯৪২ চনৰ ২০ আগষ্টত বৃটিছৰ ইউনিয়ণ জেক খহাই দেশৰ ভিতৰতে প্ৰথম ত্ৰিৰংগা পতাকা উৰিছিল চতিয়া থানাত৷ তাৰ এমাহৰ পিছত ২০ চেপ্তেম্বৰত গহপুৰ থানাত পতাকা উৰুৱাই শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি । বিনাৰক্তপাতে অবিভক্ত দৰং জিলাৰ চতিয়া থানাত চতিয়াৰ হেজাৰ হেজাৰ মুক্তিকামী জনতা ওলাই আহি বগা চাহাবৰ ৰঙা চকুলৈ ভয় নকৰি থানা চৌহদত উৰি থকা ইউনিয়ন জেক খহাই ত্ৰিৰংগা পতাকা উৰুৱাই ইতিহাস ৰচনা কৰিছিল৷ কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই ঘটনাই প্ৰসাৰ লাভ কৰা নাছিল । বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুবছৰ আগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইয়াক প্ৰতিস্থা কৰিছিল নিজৰ বক্তব্যৰ দ্বাৰা । এই ঐতিহাসিক ২০ আগষ্ট দিনটো চতিয়া বাসীয়ে “চতিয়া দিৱস” হিচাপে পালন কৰি আহিছে ৷ ঐতিহাসিক চতিয়া থানাত ২০ আগষ্টৰ পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰাম্ভ কৰিলে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই৷ ইয়াৰ পিছতে চতিয়া নাট্যভৱনত দিনযোৰা কাৰ্যসূচীৰে উদযাপন হ'ব চতিয়া দিৱস৷য'ত ৰোমন্থন কৰা হ'ব স্বাধীনতা সংগ্ৰামৰ সেই গৌৰৱ উজ্বল স্মৃতি৷
সচাকৈয়ে বৰ সুন্দৰ আৰু সাৱলীল বক্তৃতা শুনি বৰ আনন্দিত হ'লোঁ ।
ইমান সুন্দৰ আৰু অন্তৰ স্পৰ্শ কৰা বাক্যই মন চুই গল ❤
সুন্দৰ 🙏🏻
অতি সুন্দৰ আৰম্ভণি
এনে সুন্দৰ, তথ্যসমৃদ্ধ, অনুপ্ৰেৰণামূলক জ্ঞানগৰ্ভ কথা শুনি থাকিলে শুনি থাকিবলৈ মন যায়। তৃষা নপলাই।
অভিনন্দন চাৰ ।আপুনি(ডক্টৰ নন্দ সিং বৰকলা চাৰ) অসমৰ সম্পদ ।আপোনাক ঈশ্বৰে কুশলে ৰাখক 🎉🙏👏
জীৱনত প্ৰথম শুনিলো।
বৰকলা ছাৰৰ বক্তৃতা শুনিলে শুনি থাকিবৰ মন যায়।
এইজনা মহান ব্যক্তিৰ ভাষণৰ গুণ বাখনিবলৈ প্ৰকৃত বিশেষণ মনলৈ নাহে।
Eytu Ki utsav