মহাৰাস||ডিমৌ কেন্দ্ৰীয় ৰাস ২০২৪ বৰ্ষ||Moharakh||Demow rakh 2024|Mayukh miklu krishna|

Поделиться
HTML-код
  • Опубликовано: 27 янв 2025

Комментарии • 10

  • @gayaprasadsarmah4740
    @gayaprasadsarmah4740 Месяц назад +3

    ডিমৌবাসী কৃষ্ণ ভক্তি প্ৰাণ সত্ৰীয়া সংস্কৃতিৰে সংপৃক্ত ৰাইজলৈ সশ্ৰদ্ধ নমস্কাৰ, ইউটিউব যোগে আপোনালোকৰ ৰাসভাগ উপভোগ কৰাৰ সৌভাগ্য হ'ল। আপোনালোকৰ গীত অতিশয় শুৱলা সুৰীয়া আৰু কৃষ্ণ ভক্তিৰে সিক্ত মনপৰশা হৈছে। নৃত্যও মনত আলোড়ন ভাল হৈছে।শলাগিছো। আপোনালোকৰ পৰা আগতিয়াকৈ ক্ষমা বিচাৰি কেইটামান সঙ্কোচ বিবেচনাৰ বাবে উপস্থাপন কৰিছো।
    কিছু দিনৰ আগলৈকে ৰাস বা মহাৰাস বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসক্ৰীয়া বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য ভাষা-সংলাপ আৰু আছূতীয়া পৰিবেশন কলা খিনিহে বুজিছিলোহঁক। আজিকালি ৰাসক্ৰীয়াৰ লগত আগৰ শিশুলীলা, কালীয়দমন আৰু পাছৰ কংস-বধ খণ্ডও যোগ দিয়া হ'ল। হ'লেও ৰাসক্ৰীয়া ভাগেই মূল। বৰ্তমান সময়ত মহাপুৰুষ জনাৰ ৰচনাৰ নহয় এনেকুৱা বহুতো গীতৰ, কেৱল মনোৰঞ্জনৰ বাবে, ৰচনা চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে। এনে ধৰণৰ গীতসমূহকে ৰাসলীলা বা ৰাসক্ৰীয়াৰ গীত বুলি চলাই দিয়া হৈছে আৰু নতুন প্ৰজন্মক শিকোৱা হৈছে, শিকিছেও। এনেদৰেই মহাপুৰুষজনাৰ মহান সৃষ্টিৰাজীকে আমি পৰিবৰ্তন পৰিবৰ্দ্ধন কৰা আৰম্ভ কৰিলোৱেই। কেৱল মনোৰঞ্জনৰ বাবে যদি এনে কৰা হৈছে তেন্তে অদূৰ ভৱিষ্যতে যিকোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি নিত্য নতুন গীত ৰচনা কৰি, নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি, অধিক মুনাফাৰ বাবে, ৰাসলীলা বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি নিজৰ অ-মহাপুৰুষীয়া অভিনয় শৈলীৰে উপস্থাপন কৰিবলৈ ধৰিলে কোনে কিহৰ ভিত্তিত এয়া আমাৰ ৰাস নহয়, অশুদ্ধ হৈছে বুলি বাধা দিব পাৰিব? তেনেকুৱা লাভৰ বাবে হোৱা প্ৰতিযোগিতাৰ পৰিস্থিতিত পবিত্ৰ সত্ৰ সমুহে নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই প্ৰাণকৃষ্ণক বুকুত বান্ধি লালন-পালন কৰাৰ দৰে সত্ৰীয়া সংস্কৃতিভাগ ধ্ৰুপদী সংগীতৰ এটি স্বকীয় বৈশিষ্ট্যতাপূৰ্ণ সুকীয়া থূল হিচাপে পৰিগণিত কৰোৱাই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত ৰাসক্ৰীয়াৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে? আজি কালি ইউটিউবতে মানুহৰ পৰা চকুৰ পচাৰতে পশুপক্ষী, পশুপক্ষীৰ পৰা মানুহ হৈ যোৱা যাদুৰ ভিডিঅ' প্ৰদৰ্শন হৈ আছে। নিজ চকুৰে তেনে পৰিবেশন চোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ মুখাশিল্প চাবলৈ কোনোবা আহিবনে ? নিজৰ স্বকীয়তা ৰক্ষা কৰি মহাপুৰুষীয়া নাটভাগৰে গীত নৃত্য বাদ্য ভাষা-সংলাপ অভিনয়েৰে ৰাসক্ৰীয়া নাট ভাগ উপস্থাপন কৰি জগতক প্ৰদৰ্শন কৰিব নোৱাৰিনে, ইত্যাদি বিষয়সমূহ ভাবিবচোন। আৰু বৰ্তমানৰ সুকীয়া সুকীয়া পৰিবেশন বিলাকৰ পৰা বাছনি কৰি কোন ভাগ মহাপুৰুষজনাৰ সৃষ্টি ৰাসক্ৰীয়া নাট উপস্থাপন অবিকৃত শুদ্ধ পৰিবেশন বুলি অন্যলোকক দেখুৱামহঁক??
    আমি অসমীয়াখিনিয়ে অহৰহ কৈয়ে আছো অসমীয়াক ভাষা-সাহিত্য-সংস্কৃতি দি সুসভ্য জাতি কৰি গঢ় দিওঁতা জগতত অদ্বিতীয় শ্ৰীমন্ত শঙ্কৰদেৱক জগত সভাত উজ্জ্বলাই তুলিমহঁক - সাম্প্ৰতিক অসমত এক সাংস্কৃতিক আন্দোলনৰ ৰূপ লোৱা ৰাসক্ৰীয়া আৰু ভাওনা উপস্থাপনেই সুবৰ্ণ সুযোগ হৈ উঠা যেন কৃষ্ণ-শঙ্কৰ ভক্তিপ্ৰাণ ৰাইজে অনুভৱ নকৰে জানো! - ডা.গয়া প্ৰসাদ শৰ্মা, গৌৰীসাগৰ।

  • @achyutjyotichiring2709
    @achyutjyotichiring2709 2 месяца назад +2

    Hundor kontho

  • @dimbeswari_patar
    @dimbeswari_patar 2 месяца назад +3

    Krishna. Krishna. Krishna. 🙏🙏🙏🙏

  • @PinkuNeogAllAssamFamous
    @PinkuNeogAllAssamFamous 2 месяца назад +5

    10 view 2 likeWow ❤ইমান ধুনীয়া আগুৱাই যাওক
    Love you from dibrugarh
    Short film এখন দিছো চাব দেই ভাল লাগিলে status share কৰিব ❤❤

  • @RangpurAssam
    @RangpurAssam 2 месяца назад +2

    Dhuniya lagise mayukh

  • @Gunupuwali
    @Gunupuwali 2 месяца назад

    গোপী সকল আচলতে যমুনাৰ ঘাটলৈ গৈছেনে , আই সকাম খাব গৈছে ধৰিব পৰা নাই 😂😂 চেলেং চাদৰ খন কিয় আকৌ গাত ????