বৈঠা মাৰো বৈঠা মাৰো-- মেধিকুছিৰ নাওখেল, বিজয়া দশমী
HTML-код
- Опубликовано: 6 фев 2025
- বজালীৰ শতবৰ্ষ গৰকা পৰম্পৰাগত নাওখেল ...
১৩-১০-২০২৪
বজালী জিলাৰ মেধিকুছিৰ পহুমাৰা নদীত ২নং মেধিকুছি মিলন সংঘৰ উদ্যোগত আয়োজন কৰা পৰম্পৰাগত নাও খেলৰ সাক্ষী হৈ ৰʼল হাজাৰ হাজাৰ দৰ্শক ।
বিজয়া দশমীৰ দিনা পহুমাৰা নদীৰ পাৰত শৰৎ কালৰ অপূৰ্ব সৌন্দৰ্য বহন কৰা কহুৱা বনৰ আঁৰে আঁৰে অনুষ্ঠিত হোৱা আকৰ্ষণীয় নাওখেল উপভোগ কৰিবলৈ উল্লাসিত মুখবোৰে ভিৰ কৰিছিল। সেয়া আছিল এক অপূৰ্ব দৃশ্য। যাক নেদেখিলে কল্পনা কৰা টান।
যি সময়ত বহু পৰম্পৰাগত খেল- ধেমালি বিলুপ্তিৰ দিশে আগবাঢ়িছে, যি সময়ত নৱপ্ৰজন্মই মঞ্চতহে নাওখেল দেখা পায়,সেই সময়ত ২ নং মেধিকুছি গাঁৱৰ ৰাইজৰ এই প্ৰশংসনীয় প্ৰচেষ্টা শলাগিবলগীয়া।
মেধিকুছিৰ জ্যেষ্ঠ ব্যক্তিসকলে দাবী কৰা মতে তেওঁলোকে এই পৰম্পৰাগত নাওখেল অনুষ্ঠিত কৰি অহা ১০০ বছৰতকৈও অধিক সময় হ’ল।
প্ৰতিযোগিতাখনৰ এগৰাকী উদ্যোক্তা শ্ৰীদিপুল পাটগিৰীয়ে জনাইছে যে - এনে নাওখেল ১০০ বছৰতকৈও অধিক সময় ধৰি মেধিকুছিত পৰম্পৰাগত ভাবে চলি আহিছে। কিন্তু গাঁৱৰ মানুহে যোৱা পাঁচ দশক ধৰি ইয়াক পদ্ধতিগতভাৱে পৰিচালনা কৰি আহিছে। তেওঁ লগতে কয় যে -- বহু বছৰৰ পৰা গাঁওবাসীয়ে জাতি -ধৰ্ম নিৰ্বিশেষে এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।যাৰ ফলত এই অঞ্চলত একতা বিৰাজ কৰিছে।
নাওখেল আৰম্ভ হৈছিল ‘সদস্য ঘাট’ৰ পৰা। ৫০ ফুট দীঘল আৰু সুন্দৰকৈ সজাই তোলা উজ্জ্বল ৰঙৰ নাওবোৰ পহুমাৰা নদীৰ পানীত কমেও ৫০ জন নাৱৰীয়াই চলাইছিল। নদীৰ দুয়োপাৰৰ কহুৱাই প্ৰাকৃতিক দৃশ্যৰ এক নিখুঁত পটভূমি দাঙি ধৰি প্ৰতিযোগিতাখনক বিশেষ মাত্ৰা প্ৰদান কৰিছিল। ৰঙীন সাজ-পোছাক পৰিহিত নাৱৰীয়াসকলেও ছন্দময় গীত গোৱাৰ সময়ত প্ৰতিযোগিতাখনক গীতিময় স্পৰ্শ প্ৰদান কৰিছি।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহ আছিল--
১ বজালী এক্সপ্ৰেছ,
২ না কুচি,
৩ মন খুশী,
৪ মইশাল বন্ধু, ভেৰেৰগাঁও,
৫ ড্ৰাইভাৰ বন্ধু,
৬ নলিৰপাম,
৭ সোনাৰ মইনা পাখী,
৮ তপৰবড়ী,
৯ শ্বাহনাজ,
১০ ৰঙিয়া নাদিৰ পাম,
১১ চন্দ্ৰযান -৩ ,
১২ বক্সোৰা,
১৩ মায়াৰ দোৱা,
১৪ মিলন মালা,
১৫ ভক্তৰ ডোবা, আৰু
১৬ পাগল বাবা, কলগাছিয়া।
বিভিন্ন ৰাউণ্ডত অনুষ্ঠিত হোৱা নাওখেল প্ৰতিযোগিতাত
প্ৰথম পুৰস্কাৰ লাভ কৰে --মাইশাল বন্ধুৱে আৰু
দ্বিতীয় পুৰস্কাৰ লাভ কৰে-- শ্বাহনাজে
পুৰস্কাৰ লাভ কৰা দুয়োটি দললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীলৈ বহুত বহুত শুভ কামনা যাচিলোঁ।
তথ্য সংগ্ৰহ:
শ্ৰীনৱ কলিতা
শ্ৰীবিপ্লৱ তালুকদাৰ
ভিডিও-- সমলয় আৰ এন কাশ্যপ
অসমৰ পৰম্পৰাগত নাওখেল ---
নাও খেল অসমৰ এক পৰম্পৰাগত পানীত খেলা খেল৷ নাৱত উঠি কেইবাজনো খেলুৱৈয়ে জাত জাত বঠা বাই নিজৰ নিজৰ নাও আগুৱাই নি লক্ষ্যস্থান প্ৰাপ্ত কৰাতেই এই খেলৰ সামৰণি৷
ভাৰতৰ কেৰালা ৰাজ্যত কৃষি উৎসৱ অ’নামৰ লগত সংগতি ৰাখি এই খেল বছৰি খেলা হয়৷
অসমত সাধাৰণতে ভাদ-আহিন মাহত বছৰেকীয়া বানপানী শুকাবলৈ ধৰোঁতে ঠায়ে ঠায়ে এই নাও খেল অনুষ্ঠিত কৰা হয়৷
নাও খেলৰ লগত এবিধ লোকগীত সাহিত্যৰো অসমত সৃষ্টি হৈছে৷ নামনি অসমৰ বৰপেটা, মেধিকুছি, কলগাছিয়া, গোৱালপাৰা, শুৱালকুছি, হাজো আদি ঠাইৰ উপৰি বিভিন্ন চৰ-চাপৰি অঞ্চলতো নাও খেল অনুষ্ঠিত হয়৷
অসমৰ বিভিন্ন ঠাইত স্থানীয় নিয়ম মতে নাও খেল পতা হয়৷ লোকমনোৰঞ্জনৰ বাবে হ’লেও যিহেতু প্ৰতিযোগিতামূলক হয়, সেয়ে ইয়াৰ নীতি-নিয়ম আয়োজকৰ সিদ্ধান্তমতে হেৰ-ফেৰ হ’ব পাৰে৷ কিন্তু এটা কথাত সকলোতে এক যে, নাও খেলৰ বাইচাৰ সংখ্যা বেলেগ হ’লেও মাঝি বা গুৰিয়াল এজন থাকে আৰু প্ৰত্যেক দলৰ বাইচাসকলে মাঝি বা গুৰিয়ালৰ নিৰ্দেশনা মানি ল’ব লাগে৷
নাৱৰ দীঘ অনুপাতে বাইচাৰ সংখ্যা কম বেছি হয়৷ নাৱৰ বাইচাসকলৰ মাজত এজন গীত গোৱা লোক থাকে, যাক বয়াতী বোলে৷ অৱশ্যে কেৱল নাও খেলৰ সময়তেই যে গীত জোৰা হয়, এনে নহয়; মাছ মাৰিবলৈ যাওঁতে, খৰি লুৰিবলৈ যাওঁতে বা বেহা-বেপাৰৰ বাবে যাওঁতে মনৰ অৱসাদ আঁতৰাবলৈয়ো গীত গোৱা হয়৷ এই গীতবোৰ ব’ঠাৰ ছন্দত তাল মিলাই গোৱা হয়৷ গোৱালপাৰাত জমিদাৰী প্ৰথা থকাৰ সময়ত যোৰা নাও দুবিধ আছিল, সাৰেংগা আৰু কোছা সাৰেংগা৷ ব’ঠাও দুবিধ আছিল, এবিধ ৪ ফুটমান দীঘল আৰু নিম্নাংশ চেপেটা-বহল৷ ইয়ে পানী কাটি নাওখন আগলৈ লৈ যায়৷ আনবিধ ৭ ফুটমান দীঘল৷ নাৱৰ দুয়ো দাঁতিত দুহাতৰ অন্তৰে অন্তৰে দুজনকৈ বাইচা বহে৷ গুৰিয়ালজন নাৱৰ পিছফালে গুৰিত বহে বা থিয় হৈ থাকি “হাইল’’ ধৰে৷ তেওঁ এখন ভৰিপতাৰ ওপৰেদি গামোচাৰে গলাইত আঁটিলকৈ বান্ধি লয়৷ এনেকৈ বান্ধি লোৱাৰ কাৰণ হ’ল যাতে নাওখন খুন্দিয়া-খুন্দি খাই বাগৰি নপৰে৷ হাইল থিকমতে ধৰাজনেই ভাল মুখ্য গুৰিয়াল৷ প্ৰতিযোগিতাত নমাৰ আগে আগে পাঁচজনী অকুমাৰী ছোৱালী নাৱৰ গলাইত এঁৱা গাখীৰ ঢালি নাওখন সামান্য ঠেলি দিয়ে৷
প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নৈখনৰ আঢ়ৈ কিলোমিটাৰমান নিলগত দুখন নিচান অঁৰা থাকে৷ প্ৰথম নিচানে আগজাননী আৰু দ্বিতীয় নিচানে শেষ সিদ্ধান্ত দিয়ে৷ প্ৰতিযোগী নাওবোৰ সীমাৰ মাজ অংশ পোৱাৰ লগে লগে ঝুনা আৰম্ভ হয়৷ ব’ঠাৰ চাবে চাবে গোৱা গীদালৰ গীতত বাইচাসকলৰ উৎসাহ বাঢ়ে৷ গন্তব্যস্থান পালে সকলোৱে ব’ঠা দুহাতে ওপৰলৈ তুলি “হেইও-পাপ্-পেইয়া- হে এ এ হৈ এ’’ ধ্বনি দি উল্লাসিত হয়৷
বিজয়ী নাওখনক পাৰলৈ অহাৰ পিছত বাইচাসকল নাৱৰ পৰা নমাৰ আগতে পাঁচজনী অকুমাৰী ছোৱালীয়ে সেন্দূৰৰ ফোঁট দি বেঢ়ি ধৰে৷
সংগ্ৰহ - উইকিপিডিয়া
1k subscribers complete ma'am 🎉🎉🎉🎉 congratulations 🎉🎉🎉🎉