Self Love Challenge || আত্মপ্ৰেমৰ অনুশীলন || Day -5
HTML-код
- Опубликовано: 5 фев 2025
- আমি সকলোৱে প্ৰেম বা ভালপোৱা বিচাৰো ৷ প্ৰেম নাথাকিলে পৃথিৱীখন সুন্দৰ হৈ নাথাকে ৷ ভালপোৱা বা প্ৰেম মানে কেৱল কোনো এজন বিশেষ ব্যক্তিৰ প্ৰতি থকা অত্যাধিক মৰম বা আবেগ নহয় ৷ প্ৰেম মানে হ’ল সুন্দৰতা ৷ বস্তু, স্থান ,জীৱ নিৰ্বিশেষে সকলোৰে প্ৰতি অনুভৱ কৰা নি:চৰ্ত শুভকামনা ৷কিন্তু নিজৰ ভিতৰত এই সুন্দৰতা নাথাকিলে বা ,নিজৰ প্ৰতি নি:চৰ্ত শুভকামনা নাথাকিলে বাহিৰত আমি কেতিয়াও প্ৰেম বিচাৰি নাপাওঁ৷ সেয়ে আমি জীৱনৰ ইতিবাচক পৰিবৰ্তন বিচাৰিলে , প্ৰেম ভালপোৱাৰে পৰিপূৰ্ণ হৈ থাকিব খুজিলে নিজক ভালপোৱাৰ অনুশীলন কৰিব লাগিব ৷ কেৱল এয়াই নহয় বন্ধু-বান্ধৱ, পৰিয়াল, প্ৰিয়জন সকলোৰে লগত সুস্থ সম্পৰ্ক গঢ়ি তুলিবলৈ হ’লেও প্ৰথমে আত্মপ্ৰেমৰ অনুশীলন কৰিব লাগিব ৷ এই কথা শুনাত অবান্তৰ যেন লাগিলেও ইয়াৰ গুৰুত্ব অপৰিসীম ৷ আনক প্ৰেম ভালপোৱা দিব বিচৰাসকলে প্ৰথমে নিজক প্ৰেম-ভালপোৱা দিবলৈ শিকিব লাগিব। কাৰণ, নিজৰ কাপটো খালী হ’লে আনক এটোপালো দিব নোৱাৰি৷আত্মপ্ৰেমে আমাৰ স্বাস্থ্য. সম্পৰ্ক, কেৰিয়াৰ , আৰ্থিক সকলো ক্ষেত্ৰতে ইতিবাচক প্ৰভাৱ পেলায় ৷ আত্মপ্ৰেমৰ বিষয়ে যদিও মই ‘জীৱন-বীক্ষণ’ নামৰ স্তম্ভত বহু কথা লিখিছো - এইবাৰ মই আপোনালোকৰ লগত সাতদিন একেলগে ব্যৱহাৰিক আত্মপ্ৰেমৰ অনুশীলন কৰিম ৷ মই প্ৰতিদিনে ভিডিঅ যোগে আত্মপ্ৰেমৰ একোটা সহজ অনুশীলন শিকাম ৷ আপোনালোক আজিৰ অনুশীলন সম্পূৰ্ণ কৰি Day 5 Challenge Completed বুলি কমেণ্ট কৰিব ৷ এইখিনিতে এটা কথা উল্লেখ কৰি থব বিচাৰিলো যে যিসকলে মোৰ লগত একেলেথাৰীয়ে ৭ দিনৰ অনুশীলন সমাপ্ত কৰি সকলোকে নিজৰ অনুভৱ জনাব - তেওঁলোকক এটা সুন্দৰ চাৰপ্ৰাইজ উপহাৰ দিয়া হ’ব ❤❤৷
#selflove
#selflovechallenge
#আত্মপ্ৰেম
#আত্মপ্ৰেমৰ অনুশীলন
❤❤❤ধন্যবাদ বাইদেউ। আপোনাক অশেষ কৃতজ্ঞতা। পূৱাৰ শুভেচ্ছা জনাইছো।❤❤❤
বহুত ভাল লাগিছে বা❤
Kori asu baa 🙏🙏🙏
❤
সুপ্ৰভাত বা❤।মই কৰি আছোঁ,পাতল অনুভৱ কৰিছোঁ।প্ৰশান্তিৰে ভৰি পৰিছে।
ধন্যবাদ আৰু কৃতজ্ঞতা বা❤
❤❤❤Day 5 challenge completed.
মনৰ বোজা কিছু পৰিমাণে হ্ৰাস হৈছে।❤❤❤
আপোনাৰ কথা বিলাক প্ৰতেক দিনাই শুনি আছোঁ। এই কথা বিলাক ম ই নিজেও অনুভৱ কৰোঁ। ফলৱতীও হৈছোঁ কিছু পৰিমাণে। ধন্যবাদ জনালোঁ।
সুপ্ৰভাত বা। এইটো আগতেও কৰিছিলোঁ। বহুত সুফল পাইছোঁ বা। আজি পুনৰ কৰিম। ধন্যবাদ। কৃতজ্ঞতা
পাঁচ নম্বৰ দিনৰ অনুশীলন সম্পূৰ্ণ কৰিলো। ধন্যবাদ বাইদেউ।❤❤❤
❤❤❤❤
Good morning baa, eitu agoteu korisilu, ru moi success hoisilu
Thank you baa❤
কৰি আছোঁ বা৷ নিজৰ ভিতৰত এক ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিছোঁ৷