'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ এগৰাকী অধ্যয়নশীল তথা চিন্তাশীল যুৱক ত্রিদীৱ ভাগৱতী || EP 30

Поделиться
HTML-код
  • Опубликовано: 24 янв 2025

Комментарии • 231

  • @aichengfaboruah
    @aichengfaboruah  10 месяцев назад +53

    নমস্কাৰ, মই আইচেংফা ...😊🙏
    আজি মোৰ মনত দোলা দি থকা কেইটামান কথা আপোনালোকৰ আগত প্রকাশ কৰোঁ দেই ...! প্রথমতে, বহুত ডাঙৰকৈ এটা ধন্যবাদ প্রতিগৰাকী সহযাত্রীলৈ, আমাৰ প্রতিটো খণ্ডক ইমান আলফুলকৈ মৰম দিয়াৰ বাবে ! প্রতিটো ক'মেন্ট পঢ়ি বুকুখন ভৰি যায়... সঁচাই ...! আপোনালোকৰ বহুজনে কয় যে RUclips টো চাবলৈ মন নোযোৱাৰ সময়তে এনেধৰণৰ ভিডিঅ' Content এ আপোনালোকক পুনৰ RUclips ৰ প্রতি সুস্থ ধাৰণা এটা গঢ়ি তোলাত 'যাত্রা'ই সহায় কৰিছে...! সেই কথা জানি আমি অত্যন্ত সুখী হৈছোঁ... কিন্তু তাতোকৈ বেছি সুখী হৈছোঁ এই কথা জানি যে ... দৰাচলতে, আপোনালোকৰ চিন্তাবোৰ ভাল, শুদ্ধ ... সেয়ে আমাৰ চিন্তাখিনি আপোনাসৱে আদৰিছে অতি হেঁপাহেৰে ! তাৰ মাজতে আপোনালোকৰ বহুজনৰ পৰা অনুৰোধ আহে আপোনালোকৰ প্ৰিয় শিল্পীগৰাকীক অতিথি কৰি আনিবৰ বাবে ... আমাৰ সেই প্রচেষ্টা অব্যাহতও আছে... কিন্তু প্রতিগৰাকী শিল্পীয়েই যিহেতু ব্যস্ত হৈ থাকে , সেয়ে সকলোৰে সময় সুবিধাবোৰ মিলি গ'লেহে আপোনালোকৰ প্ৰিয় শিল্পীগৰাকীৰ স'তে অনুষ্ঠানটি সম্ভৱ হৈ উঠেগৈ ... লগতে আৰু এটি কথা হয় , মই মাহত তিনিটা বা চাৰিটা ভিডিঅ'হে প্রস্তুত কৰিব পাৰোঁ সেয়ে আপোনালোকৰ সকলোৰে প্রিয় শিল্পীগৰাকী 'ৰেন মৌ'লৈ আহোঁতে কিছু পলম হৈছে বা হ'ব ... যিহেতু মই চাকৰি এটিও কৰি আছোঁ লগতে অন্যান্য অনুষ্ঠানৰ স'তেও জড়িত হৈ থাকোঁ, সেয়ে সময়বোৰ ভাগ ভাগ কৰি ল'ব লগা হয়... কিন্তু কথা দিছোঁ, আপোনাসৱৰ প্রতিটো অনুৰোধ ৰক্ষা কৰাৰ আন্তৰিক প্রচেষ্টা এটা সদায় কৰি যাম... আপোনালোকৰ মন্তব্যবোৰ পঢ়ি কেতিয়াবা আবেগিকেই হৈ পৰোঁ‌ ...। দিনটো কাম কৰি আহি ৰাতি শোৱাৰ পৰত এই ধুনীয়া ধুনীয়া মন্তব্যবোৰেই হৈ পৰে মোৰ বাবে টোপনিৰ ঔষধ পালি...! আকৌ এটি ধুনীয়া সপোন দেখোঁ... তাৰপিছত পুৱা সতেজ হৈ পুনৰ এটি নতুনৰ আৰম্ভণি হয়...। 'নতুন' বুলি কওঁতেই মনলৈ আহিছে, ঘৰটোৰ নাম যে 'ৰেন মৌ' অর্থাৎ নতুন ঘৰ... সেই নতুন ৰ অর্থ কেৱল ঘৰটো বুলি বুজাবলৈ চেষ্টা কৰা নাই ... ইয়াত আপোনালোকৰো নতুন চিন্তাবোৰ যোগ হয়, অতিথি সকলৰ নতুন চিন্তাবোৰ যোগ হয় , লগতে ময়ো কিছু নতুন চিন্তা সংযোগ কৰিবলৈ প্রয়াস কৰোঁ । সেইবাবেই ঘৰটোৰ নাম ৰাখিছোঁ 'নতুন ঘৰ' বা 'ৰেন মৌ' !
    আমাৰ আজিৰ খণ্ডটিত ভাতৃ ত্রিদিৱ ভাগৱতীৰ চিন্তা-চেতনাক ইমান বেছি মৰম দিয়াৰ বাবে পুনৰ বাৰ আমি 'ৰেন মৌ' বাসীয়ে প্রতিগৰাকী শ্ৰদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ জনাইছোঁ অশেষ ধন্যবাদ ... সদায় কুশলে থাকক, হাঁহি থাকক ... শেষত সদায় কোৱাৰ দৰেই কওঁ, Stay tuned Jaatra with Aichengfa ! ♥️🙏

  • @porismitabora6556
    @porismitabora6556 9 месяцев назад +2

    বহুত ভাল লাগিল।

  • @PranjolaMohan
    @PranjolaMohan 8 месяцев назад +1

    Hundor ❤️🙏

  • @Basanta_Official1
    @Basanta_Official1 9 месяцев назад +4

    নৱপ্ৰজন্মৰ উজ্জ্বল নক্ষত্ৰ❤🎉

  • @নিয়ৰদুৱৰি
    @নিয়ৰদুৱৰি 7 месяцев назад +1

    👏👏👏

  • @hemantaborah3953
    @hemantaborah3953 2 месяца назад

    বন্ধু ত্ৰিদিব ভাগৱতীক প্ৰত্যক্ষ ৰাজনীতিৰ পৰা সদায় আতঁৰত থাকিবৰ বাবে অনুৰোধ জনালোঁ ।

  • @harendoley2957
    @harendoley2957 8 месяцев назад +1

    Love from Sivasager ❤

  • @nayanjyotibarman4143
    @nayanjyotibarman4143 7 месяцев назад +1

    Val hok tare kamanare

  • @malabikagogoi2288
    @malabikagogoi2288 7 месяцев назад +1

    bor hundor.

  • @manmayuri2001
    @manmayuri2001 8 месяцев назад +1

    Xub dhuniya podcast ❤

  • @ratikantamili.5442
    @ratikantamili.5442 10 месяцев назад +1

    Bohut val lagile.....pragram tu sai dai.......

  • @tridibbhagabati7339
    @tridibbhagabati7339 10 месяцев назад +48

    মৰম শুভকামনাবোৰৰ বাবে আটাইলৈ অশেষ ধন্যবাদ❤

    • @youcan671
      @youcan671 10 месяцев назад +2

      😊😊😊

  • @nabadas2528
    @nabadas2528 9 месяцев назад +3

    সুন্দৰ বক্তব্য। তোমাৰ উজ্বল ভবিষ্যত হৃদয়েৰে কামনা কৰিলো ❤

  • @pranjitbarmanvlogs
    @pranjitbarmanvlogs 10 месяцев назад +1

    Bohut bhal lagil kotha bur. Ajikalir rajneeti barter system 👌

  • @hirakkalita3559
    @hirakkalita3559 9 месяцев назад +1

    Mojaaaa love from Tamulpur !! Aaru joy Zubeen da

  • @ujjalchaliha2793
    @ujjalchaliha2793 3 месяца назад

    যাত্ৰা এটি সুন্দৰ অনুস্থান ইয়ালৈ ৰাজনীতিৰ নেতাক নিমন্ত্ৰণ কৰি কুলশিত নকৰিব,হছম নহয়।

  • @কবিতাৰসুবাস
    @কবিতাৰসুবাস 8 месяцев назад +1

    বহুত উপকৃত হলোঁ আপোনালোকৰ বাৰ্তালাপ চাই ।

  • @mb_1990
    @mb_1990 9 месяцев назад

    Freedom of speech is still intact in india

  • @mb_1990
    @mb_1990 9 месяцев назад

    Stating facts is not creating tensions between communities.

  • @bhupenkalita2556
    @bhupenkalita2556 6 месяцев назад +3

    Tridip.Vagoboti Long live you,

  • @MamoniSonowal-g2f
    @MamoniSonowal-g2f 4 месяца назад

    এয়াহে আচল ছাত্ৰ । অসমীয়া শব্দতকৈ ইংৰাজী শব্দ বেছিকৈ কোৱা তোমাৰ বয়সৰ বহু ছাত্ৰক দেখিছোঁ । তুমি কিন্তু মাটিৰ মানুহ ।

  • @bikash9820
    @bikash9820 10 месяцев назад +1

    সুন্দৰ সম্পাদকীয়

  • @Hariprossanna
    @Hariprossanna 10 месяцев назад +2

    Sending love 🎉❤❤

  • @santimoni7949
    @santimoni7949 10 месяцев назад +3

    বৰ সুন্দৰ । ত্ৰিদীপৰ দৰে যুৱক নতুন প্ৰজন্মৰ আৰ্দশ হওঁক💐

  • @jintuborah576
    @jintuborah576 10 месяцев назад +6

    ত্ৰিদীপ দা তুমি সঁচাকৈ বহুত সাহসী ,তুমি আগুৱাই যোৱা লগতে নিজৰ জীৱনৰ লগতে অসমৰ সকলো মূল্যবান কাম বোৰ তুমি নিয়াৰিকৈ কৰা ,কৰিব লাগিব ।তুমি এটা জাতীয় সম্পদ ,মানৱ সম্পদ সকলো । বহুত কৰিব লগীয়া কাম আছে তোমাৰ । নিজৰ লগতে সদায় সকলো দিশ আগুৱাই লৈ যোৱা, নিজৰ দেহ টো প্ৰতি ও যত্ন লবা সদায়।

  • @mjchetia386
    @mjchetia386 10 месяцев назад +11

    ত্ৰিদিৱ দা নতুন প্ৰজন্মৰ এটা ভাল নক্ষত্ৰ। সমাজ খনক সদায় পোহৰাই ৰাখক। মানৱ সম্পদ সমাজে গঢ়ে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। আগুৱাই যাওঁক সৎ, সততা, নিষ্ঠাৰে নতুন প্ৰজন্মৰ আদৰ্শ আৰু সাহস, প্ৰেৰণা হওঁক। বহুত মৰম শুভেচ্ছা আৰু শুভ কামনা জনালোঁ। আমি অনুসৰণ কৰোঁ আপোনালোকক।

  • @dimpakakati2301
    @dimpakakati2301 10 месяцев назад +1

    Ujjol bhobisyat kamona korilu tumar❤

  • @purbachangmai2704
    @purbachangmai2704 6 месяцев назад

    আইচেংফা বা,"ৰেন মৌৰ" প্ৰতিটো খণ্ড ধনাত্মক আৰু সৃষ্টিশীল চিন্তাৰাজিৰ এক ধুনীয়া প্ৰতিফলন।ইমান কৌশল পূৰ্ণ ইমান ধুনীয়াকৈ প্ৰশ্নবোৰ সোধে আপুনি বহুত ভাল লাগে বা।
    আৰু অসমীয়া ভাষাতো ইমান সাৱলীলভাৱে উপস্থাপন কৰিছে বহুত ভাল লাগিল।
    লগতে
    ত্ৰিদিপ ভাগৱতী দাদাৰ প্ৰতিটো শব্দৰ অনুৰাগী। ভৱিষ্যতৰ এক সম্ভাৱনা আপুনি।
    "যাত্ৰা" দীৰ্ঘজীৱি হওঁক ।

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 8 месяцев назад +2

    11:11
    তেওঁৰ শব্দ আৰু আপোনাৰ কণ্ঠ! উফ্🤍

  • @nostalziamithundas9332
    @nostalziamithundas9332 10 месяцев назад +2

    Very good episode ever

  • @prasantasaikia5333
    @prasantasaikia5333 10 месяцев назад +1

    আলোচনা খিনি ভাল লাগিল শুনি সঁচাকৈ বহুত দুয়োকে শুভকামনা জনাইছোঁ।

  • @karabi-ek6de
    @karabi-ek6de 10 месяцев назад +36

    এগৰাকী মাতৃ হিচাপে নিজৰ সন্তানক শিক্ষা দিব পৰাকৈ তোমাৰ পৰা বহু কথা শিকিলোঁ। ধন্যবাদ ভাইটি।

  • @ranjugogoi4117
    @ranjugogoi4117 10 месяцев назад +3

    The best one

  • @sasankaborah9347
    @sasankaborah9347 9 месяцев назад +1

    Ba apun jdi konoba rajnoitek neta ba ai dadar nesena vl manoh ahea tatea apuni xodhi bosn tew jdi axom khon economy k vba xobl kriba besara tatea kiki dix mur ot ami soku dea 2 drkr . Aru axom government a kn kn dix bur or uprt soku dea 2 drkr

  • @bastobkalita6328
    @bastobkalita6328 6 месяцев назад

    প্ৰিয় অনুষ্ঠান এইটো। Tridib দা যদিও বয়সত বহুত সৰু কিন্তু চিন্তাৰে বহুত আগবঢ়া। এনেকুৱা সম্পদ অসমক লাগে। ৰাহুল দা আৰু তৃদ্বীপ দাই ইচ্ছা কৰিলে অনাগত বৌদ্ধিক জগতখনলৈ পৰিৱৰ্তন আনিব পাৰিব। দুয়োজনলৈকে শুভেচ্ছা জনালোঁ।

  • @silpiranibhagawati5558
    @silpiranibhagawati5558 8 месяцев назад +1

    আমাৰ দেশৰ সম্পদ এওলোক❤️কি সাংঘাতিক চিন্তাধাৰা❤️

  • @koustubh8117
    @koustubh8117 10 месяцев назад +2

    বহুত ভাল লাগে।

  • @hirakdas4212
    @hirakdas4212 9 месяцев назад +1

    এই যাত্ৰা বহুত দূৰলৈ যাওক। বহুত সুভকামণা। কিমান ধুনীয়া চিন্তা - আদৰ্শ। বহুত আগুৱাই যোৱা Tridip....

  • @gunahandique3909
    @gunahandique3909 10 месяцев назад

    বৰ সুন্দৰ হৈছে বা ।

  • @priyankamedhi2414
    @priyankamedhi2414 6 месяцев назад +1

    অনুষ্ঠানটো চাই বহু কথা শিকিলো আৰু বহু শিকিব বাকীও আছে❤️Tridib দা অসমীয়া সমাজৰ এটা উজ্জ্বল নক্ষত্ৰ হৈ ৰক❤️👍👍👍

  • @deeprajgogoi1822
    @deeprajgogoi1822 10 месяцев назад +20

    বয়স হলেও। বেছি হোৱা নাই বাৰু । 40 মান হৈছে। কিন্তু এনেকৈ উঠি অহা অসমীয়া মানুহৰ পৰা বহু শিকিছোঁ। ভাল লাগে আৰু নিজৰ লগতে আন দহ জনক উৎসাহ দিবলৈ সাহস আৰু বেছিকৈ পাইছোঁ। কাম কৰি যাবলৈ। ধন্যবাদ ৰেন মৌ।

  • @dipakgogoi4266
    @dipakgogoi4266 9 месяцев назад +1

    Rengmoi Tumi aguai jua eiejatrat hodai bighini hunyo houk

  • @DiSaTLC
    @DiSaTLC 10 месяцев назад +9

    Rahul,Tridip aulukor abhibhabokok aru Axom Jatiyo Bidyalaya r xikhok-xikhyotrik jen mate..ami janibo bisaru keneke aulukok dangor korise..upcoming parents xokolur babe bohut bhal hobo..

    • @boro3775
      @boro3775 4 месяца назад

      Parents or upbringing or babe hua naai. Parenting give them study habit may be.
      But Teuluk ajb r porai beleg chinta dhari asil. Cotton e change kori dile rest.

  • @budheswarsaikia3103
    @budheswarsaikia3103 10 месяцев назад +1

    Val ,shikibo loga alusona.

  • @funusenapoti9220
    @funusenapoti9220 10 месяцев назад +7

    আইচেংফা তোমাৰ এই যাত্ৰা অনুস্থানত সময় উপযোগী নৱ প্ৰজন্মৰ এজন যুৱক নিমন্ত্ৰণ কৰি আনি খুব সুন্দৰ বিষয় কেইটামান আলোচনা কৰিলা য'ত মই বিশেষকৈ জানিব পাৰিলো। তাৰ বাবে তোমাক ধন্যবাদ জনালোঁ। ত্ৰিদিৱ ভাগৱতী লৈ মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা থাকিল, আগন্তুক দিনবিলাকত তেওঁ যেন আগুৱাই যাওঁক।

  • @mintugogoi204
    @mintugogoi204 10 месяцев назад +2

    bohut val lagil

  • @jasinthdeka482
    @jasinthdeka482 10 месяцев назад +11

    খুব সুন্দৰ অনথষ্ঠান।ত্ৰিদিব ভাগৱতীলৈ বহুত শুভেচ্ছা থাকিল।ত্ৰিদিবৰ কথাবোৰ বহুত ভাললগা।ত্ৰিদিব ৰাহুলৰ ল'ৰাবোৰ অসমৰ বাবে ডাঙৰ সম্পদ।

  • @kalpanagohain2963
    @kalpanagohain2963 10 месяцев назад +2

    bht val lagil

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 7 месяцев назад +1

    সঁচাই এটা বৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ তৃদ্বীপ ভাগৱতী আমাতকৈ বয়সত সৰু যদিও তেওঁৰ চিন্তা ধাৰা বহুত উপৰত কথা কোৱাৰ ভংগিমা সঁচাই অতুলনীয় প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ ইমান সুন্দৰকৈ দিছে ভাল লাগিল আজিৰ পৰা এজন আদৰ্শ ব্যক্তি হিচাপে বাচি লৈছো আগুৱাই যাওক জীৱনৰ বাটত নিজৰ উন্নত চিন্তাধাৰাৰ আৰু বিকাশ হওঁক তাকে কামনা কৰিছোঁ

  • @sanjaydeka3938
    @sanjaydeka3938 10 месяцев назад +2

    Good❤

  • @ultimatecreation....
    @ultimatecreation.... 10 месяцев назад +3

    Uffff......❤❤❤Nuwari aku kobo

  • @purnakalita-yu4xf
    @purnakalita-yu4xf 10 месяцев назад +7

    এই যাত্ৰা আগুৱাই যাওঁক।
    প্ৰতিটো খণ্ড চাই আছোঁ খুব ভাল হৈছে আৰু ভাল হওঁক । ❤

  • @dhanjitpathak5589
    @dhanjitpathak5589 10 месяцев назад +2

    সচাকৈ বৰ সুন্দৰ লিখনি ❤❤❤❤

  • @birajjyoti3222
    @birajjyoti3222 10 месяцев назад +9

    ঘৰখনেই চৰিত্ৰবোধৰ/ ভাষা গঠনৰ,, প্ৰথম পঢ়াশালি।

  • @karabi-ek6de
    @karabi-ek6de 10 месяцев назад +9

    Oh my god কি ধুনীয়া অ কবিতাটো। মাজে মাজে গানটো গাই দিছে আইচেংফাই আৰু সোনত সোৱগা হৈছে।

  • @SOURAVJYOTI-d5h
    @SOURAVJYOTI-d5h 10 месяцев назад +2

    বহত ভাল লগিল

  • @bhupenkalita2556
    @bhupenkalita2556 6 месяцев назад +1

    I Sanngfa tumi aru anakuwa lora aani toke so koriba ,

  • @RajuSaikia-y9h
    @RajuSaikia-y9h 10 месяцев назад +2

    ❤❤😊😊😊😊

  • @chandramagogoi5982
    @chandramagogoi5982 10 месяцев назад +21

    ভাল লাগিল অনুষ্ঠানটো।ত্ৰিদিৱ দা আমাৰ কটনৰ চিনিয়ৰ।তেওঁৰ চিন্তা-ধাৰা সদায় শলাগনীয়।তেওঁ আৰু আগবাঢ়ি যাওঁক তাকেই বিচাৰোঁ।👍

  • @pallabborthakur1126
    @pallabborthakur1126 6 месяцев назад

    ভৱিষ্যত ৰ এজন ভাল ৰাজনীতি ক্ষেত্ৰ ৰ নেতা

  • @dipjyotiborgohain8771
    @dipjyotiborgohain8771 10 месяцев назад +8

    অসমৰ এজন প্ৰতিভাশালী সুনাগৰিক

  • @imtanmaykalita
    @imtanmaykalita 10 месяцев назад +3

    সুন্দৰ❤️
    জয় আই অসম

  • @thedevogramstory7483
    @thedevogramstory7483 9 месяцев назад +1

    অসমত আমি কোনো অনা অসমীয়া নিয়ন্ত্ৰণ কৰিব নিদিও আৰু আমি অসমীয়াক নিয়ন্ত্ৰণ কৰাৰ অনুমতি অনা অসমীয়াক নিদিব..অসমীয়াক বিপন্ন হব নিদিব । অসমত আমাৰ অসমীয়া MLA হৈ আছে কিন্তু অনা অসমীয়া মন্ত্ৰী হয় আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী দিয়া হৈছে, তেওঁক আমি বিৰোধ কৰিব লাগিব। মই বিজেপি নহয় কংগ্ৰেছ নহয়.. এজন অসমীয়া....❤❤❤

  • @AijoneePori
    @AijoneePori 10 месяцев назад +2

    খুব ভাল ।আলোচনা বোৰ এনে হ'ব লাগে।

  • @swapnaligogoi4192
    @swapnaligogoi4192 10 месяцев назад +2

    Bor Hundor , Sai huni hepah npolai ren mou r otithi aru tumar kotha botora...

  • @AG-td2ip
    @AG-td2ip 9 месяцев назад

    যি কবিৰ গীতত জীৱন টো এটা প্ৰেম গীত,
    সেই কবিক আজি তুমি পৰিত্যাগ কৰা।
    Arambh hai Prasand🔥🔥

  • @arupkachari1432
    @arupkachari1432 9 месяцев назад +1

    ত্ৰিদীপ ভাগৱতী মোৰ অতি প্ৰিয় বন্ধু হিচাপে মনত ৰাখিছো। তেওৰ কথনশৈলী লগতে অধ্যয়ন বাঃ ভাষা নাই।। তেওক লৈ সপোন দেখো মই ব্যক্তিগত ভাবে কিয় নাজানো এদোখৰ জেগাত তেওক দেখি থৈছো। আশা কৰো

  • @moureensvlogandworld225
    @moureensvlogandworld225 10 месяцев назад +7

    সাক্ষাৎকাৰবোৰ এইধৰণৰ ব্যক্তিক লৈয়ে হ'ব লাগে।এন্টাৰটেইনমেন্ট বহুত হ'ল।ভাল পালো।

  • @lizaborthakur8432
    @lizaborthakur8432 10 месяцев назад +2

    Eman hundar aluchona bahu bhal lagil

  • @BinaBorakhaund
    @BinaBorakhaund 10 месяцев назад +2

    Talented

  • @ckctube
    @ckctube 10 месяцев назад +2

    😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
    অতি উত্তম অনুষ্ঠান। মন হৃদয় আনন্দেৰে পৰিপূৰ্ণ নহৈ নোৱাৰিলে। ৱাহ্! অসমৰ সুসন্তান, এজন প্ৰকৃত অসমীয়া। নামেই যাৰ পৰিচয়- ত্ৰিদীৱ ভাগৱতী।
    আমি শুনিব লাগে, শুনি শিকিব লাগে। এনে বক্তাই জ্ঞানৰ পোঁহৰ বিলাই চৌদিশ উজলাই তোলে। অসম আৰু অসমীয়াক চহকী কৰে।
    আহঁক, আমি সকলো 'অসমীয়া' হওঁ।
    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @mamonidevi617
    @mamonidevi617 10 месяцев назад +2

    Birat dhunia lagil 2 jonekei morom jonalu Tridip bhaiti tumar monor bancha puron houk takei kamona korilu

  • @banjitchangmai4047
    @banjitchangmai4047 9 месяцев назад +1

    এই লৰা জনৰ পৰা বহুত কিবা শিকিলোঁ,,

  • @jatinrajbongshi5164
    @jatinrajbongshi5164 10 месяцев назад +3

    আইচেংফালৈ বহুত বহুত ধন্যবাদ এইবোৰ অনুস্থানৰ বাবে।

    • @jatinrajbongshi5164
      @jatinrajbongshi5164 10 месяцев назад

      মোৰ যদি ভূল হোৱা নাই আইচেংফাই বহুত বছৰ আগতে কহিনুৰ থিয়েটাৰত অভিনয় কৰা নাছিল জানো‌? যতীন বৰাৰ লগত।

  • @PuhorCreation3049
    @PuhorCreation3049 8 месяцев назад +2

    Aichengfa ba Papon Dak matibo sun 🙏 Please ba

  • @krishnahazarika6391
    @krishnahazarika6391 10 месяцев назад +2

    👍👍👍

  • @niharikastory1481
    @niharikastory1481 10 месяцев назад +15

    এনেধৰণৰ অনুষ্ঠান খুবেই ভাল লাগে । যʼত অতিথিজনক কথাবিলাক কবলৈ সুবিধা দিয়া হয় । নহলে তু আজিকালি অনুষ্ঠানবোৰত যি গৰাকীয়ে আঁত ধৰে তেওঁ এ বেছিকৈ কথা কৈ থাকে ।

  • @gayatryborthakur2769
    @gayatryborthakur2769 10 месяцев назад +3

    Kotha bur suni bor bhal lagile

  • @purnanathborah2729
    @purnanathborah2729 10 месяцев назад +2

    মন ভৰিল সাক্ষাৎকাৰটো চাই ৷

  • @swarnabhajani6884
    @swarnabhajani6884 10 месяцев назад +24

    বঢ়িয়া।মগজু পখালিব পৰা ত্ৰিদিব ভাগৱতীৰ কথা।
    তেওঁ‌ৰ মংগল হওক ।

  • @pranabborthakur5372
    @pranabborthakur5372 10 месяцев назад +5

    Jatra anusthan sai monot anekuwa lagil, kune koi assam hompodar dukhiya buli, moi kom, assamot "Rshul" aru "Tridipor"dore hompod atiyau. ase.

    • @axom_television_official
      @axom_television_official 10 месяцев назад

      Apunar hoite ...akmot moiii

    • @DiSaTLC
      @DiSaTLC 10 месяцев назад

      Axomiya xompod agoteu asil aru agoleu thakibo..ami Axomiya bure belegor dore keu keu meu meu k nathaku nijoke jona-ustadi dekhabole..gyani manuhe mone mone kaam kore..brihot gos adal mone mone dangor hoi aku xobdo nokora koi..most classic people are the “khilonjio axomiya” on earth..agote pratibha bur raijor usoroloe aha madhyom khub kom asile..kintu atia gutei Bharat aru logote Bishwa u jona hobo lahe k ami kun..kebol ami sobe milon xohokare thoka tu usit..

  • @borannyagogoi4893
    @borannyagogoi4893 10 месяцев назад +1

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @entertainmentexpress7144
    @entertainmentexpress7144 9 месяцев назад +1

    Tridip vale thakok..

  • @karabi-ek6de
    @karabi-ek6de 10 месяцев назад +7

    মই গৰ্বিত আমি অসমীয়া, অসমীয়া মাধ্যমৰ ছাত্ৰী আছিলোঁ ❤

  • @nayanjyotidas-lo1qi
    @nayanjyotidas-lo1qi 10 месяцев назад +6

    ৰেন মৌ মানে নতুন ঘৰ কিন্তু মোৰ মনত আৰু এটা নাম আহিছে.."জ্ঞানৰ ভৰাল "

  • @jibeshkrb529
    @jibeshkrb529 10 месяцев назад +4

    সঁচাকৈয়ে বহুতেই ধুনীয়া 👌👌
    বহুত বেছি লিখিব বা কʼবলৈ নাযাও......
    অত্যধিক অধ্যয়নে মানুহৰ জ্ঞান বঢ়ায় আৰু সেই জ্ঞান-ধাৰনাবোৰে মানুহজনৰ চিন্তাবোৰক বহুত বেছি ওপৰলৈ লৈ যায়, শেষত ত্ৰিদীৱলৈ অশেষ ধন্যবাদ জনায় তেখেতৰ সপোনবোৰ পুৰন হওঁক তাৰেই কামনা কৰিলোঁ।।

  • @gitikadevchoudhury8773
    @gitikadevchoudhury8773 10 месяцев назад +3

    বহুত ভাল লাগিল। এই অনুষ্ঠানটো খুউব সুন্দৰ হৈছে। অইচেংফাৰ কথা সোধা আৰু কোৱাখিনি খুউব সুন্দৰ। ত্ৰিদিপলৈ বহুত শুভেচ্ছা। তেওঁৰ প্ৰত্যেক টো অনুষ্ঠান চাও। আমাৰ মনৰ কথাবোৰ বৰ সুন্দৰ কৈ কয়❤

  • @dimpulsonowal6637
    @dimpulsonowal6637 10 месяцев назад +2

    Agor poraiye tridip Vagabatir
    anusthan saw bohut val lage. Teu ajon bohu giyanor aodhikari

  • @mukulbarma
    @mukulbarma 10 месяцев назад +4

    অনুষ্ঠান আৰু অতিথি নিৰ্বাচন সুন্দৰ হৈছে। ত্ৰিদিপ আৰু আইচেংফালৈ শুভকামনা।

  • @nikitaneog9955
    @nikitaneog9955 9 месяцев назад +1

    Ambani. Akue nohoi. Tumar usorot. Axomor hompod.

  • @BD12348
    @BD12348 10 месяцев назад +5

    অনাগত দিনৰ এটি নক্ষত্ৰ।আগুৱাই যোৱা বহুদূৰ।

  • @karabi-ek6de
    @karabi-ek6de 10 месяцев назад +8

    আইচেংফাৰ অতিথি কেইজন বৰ সাংঘাটিক। মন মগজু হিলাই দিয়ে। ইমান কথা শিকিব পাৰি। ৰাহুলৰ prodcust টো কি যে ভাল লগা। লৰাটোৱে ঠিকে কৈছে আইচেংফাৰ প্ৰগেমতে কথাবোৰ মন খুলি সকলোৱে কয়। একদম সঁচা কথা। চেনেলটো সদায় সজীৱ হয় থাকক। বৰ ষ্টেণ্ডাৰ্ড চেনেল। ❤বাকী আইচেংফাজনী কিয় ইমান ধুনীয়া? 😍

    • @dhrubadas7656
      @dhrubadas7656 10 месяцев назад

      Aponar o kthalhini km dhunia nhy kintu..mor magajuto sali thka kthalhini apuni knk jnile he 😆😆😆

    • @karabi-ek6de
      @karabi-ek6de 10 месяцев назад

      @@dhrubadas7656 হয় নিকি

  • @binoysinghgour4230
    @binoysinghgour4230 10 месяцев назад +3

    ত্ৰিদীপৰ চিন্তাধাৰা বহুত ভাল। তেওঁৰ দৰে চিন্তা কৰা ব্যক্তি ৰাজনীতিত আহিলে। অসম আগুৱাই যাৱ।

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 10 месяцев назад +3

    He is a talented boy . ❤❤

  • @dipakgogoi4266
    @dipakgogoi4266 9 месяцев назад +1

    Sintra dhara hodai holagoniyo

  • @nishantakdas07
    @nishantakdas07 10 месяцев назад +6

    "Tridip Bhagabati" will be a big name in the future,Mark my words.
    Best wishes to him 🌸❤️

  • @PrayashiHazarika-nt8me
    @PrayashiHazarika-nt8me 10 месяцев назад +9

    বা কি কম , ক'ৰ'বাত যেন হেৰাই যোৱা জাতীয়তা বোধ তোমাৰ এই অনুস্থানৰ জৰিয়তে বিচাৰি পাইছো। এই যাত্ৰা সদায় অব্যাহত থাকক। বৰ্তমান প্ৰেক্ষাপটত এনেকুৱা অনুস্থানৰ প্ৰাসংগিতা বহুত বেছি।

  • @jyotidas2063
    @jyotidas2063 10 месяцев назад +4

    সুন্দৰ অনুষ্ঠান চাই বৰ ভাল লাগিল

  • @dipankarhazarika5213
    @dipankarhazarika5213 10 месяцев назад +35

    যাত্ৰা, অনুষ্ঠানটো আগুৱাই যাওক।
    ত্ৰিদীপ,ৰাহুলৰ দৰে সম্পদ আমাক লাগে।

    • @jatinrajbongshi5164
      @jatinrajbongshi5164 10 месяцев назад +1

      ত্ৰিদীপৰ দৰে সম্পদ আমাক লাগে।

  • @Utpal_97
    @Utpal_97 10 месяцев назад +2

    খুবেই ধুনীয়া ❤