ভাৰত চৰকাৰৰ অভিযন্তাৰ চাকৰি এৰি আৰম্ভ কৰিলে গাহৰি ফাৰ্ম | swargari farm

Поделиться
HTML-код
  • Опубликовано: 10 сен 2024
  • ভাৰত চৰকাৰৰ অভিযন্তাৰ চাকৰি এৰি আৰম্ভ কৰিলে গাহৰি ফাৰ্ম swargari farm
    তেওঁ আছিল ভাৰত চৰকাৰৰ টেলিকম বিভাগৰ এজন অভিযন্তা ৷
    চাকৰি সময়তে তেওঁ পাঁচদিনৰ বাবে ভ্ৰমণ কৰিছিল চীন দেশ ৷ সেই সময়তে তেওঁ চকুত পৰে চীন দেশৰ বিজ্ঞানসন্মত গাহৰি পালনৰ প্ৰক্ৰিয়া ৷
    চীন দেশৰ গাহৰি পালনৰ দৃশ্যবোৰে তেওঁৰ মনত ইমানেই প্ৰভাৱ পেলালে যে তেওঁ সিদ্ধান্ত ল’লে তেওঁ নিজেই এখন গাহৰি ফাৰ্ম আৰম্ভ কৰিব ৷
    সেয়ে ২০১৭ চনত অভিযন্তাৰ চাকৰিৰ পৰা ৰিজাইন দিলে আৰু ২০১৮ চৰ িজৰ গাঁৱতে আৰম্ভ কৰিলে বিজ্ঞান সন্মতভাৱে গাহৰি ফাৰ্ম ৷
    ডিব্ৰুগড় জিলাৰ নাহৰকতীয়াৰ চাচনী গাঁৱৰ সন্তান দেৱৰাজ স্বৰ্গাৰী জীৱন কাহিনী এয়া ৷ অভিযন্তাৰ চাকৰি এৰি আৰম্ভ কৰা এই “স্বৰ্গাৰী গাহৰি ফাৰ্ম ব্ৰিডিং ফাৰ্ম “খনত এতিয়া আছে ৯৬ জনী চাও বা পোৱালী দিয়া গাহৰি ৷
    এই ফাৰ্মৰ পৰা এতিয়া প্ৰতিমাহত প্ৰায় ৮০ টাকৈ পোৱালি বিক্ৰী কৰা হয় আৰু বছৰেকত প্ৰায় ৪০লাখ টকাৰ গাহৰি পোৱালি বিক্ৰী হয় ৷
    দেৱৰাজে কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰেৰণ কৰা বহু যুৱক যুৱতীক প্ৰশিক্ষণ দিয়ে গাহৰি পালনৰ ৷ গাহৰি ফাৰ্মৰ সমন্তৰালকৈ দেৱৰাজে ডিব্ৰুগড়ৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশুদ্ধ গাহৰি মাংস বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে একাধিক দোকান ৷
    যুৱ গাহৰি ফাৰ্ৰমাৰ দেৱৰাজে গাহৰি পালনৰ ক্ষেত্ৰত সকলোতকৈ অধিক গুৰুত্ব আৰোপ কৰে জৈৱ সুৰক্ষাৰ ওপৰত ৷
    আহকচোন অসমীয়া যুৱ চামৰ আদৰ্শ দেৱৰাজ স্বৰ্গাৰীৰ পৰা জানো গাহৰি পালনৰ সকলো কৌশল :
    uparjan.in

Комментарии • 358