সুধাকন্ঠকো অপমান, লাজ লাগিছেনে আমাৰ || অসমৰ মঞ্চ বিহুৰ বিপৰ্যয়ৰ কাহিনী

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • সুধাকন্ঠক অপমান, লাজ লাগিছেনে আমাৰ? অসমৰ মঞ্চ বিহুৰ বিপৰ্যয়ৰ কাহিনী
    বেলতলা-মাজুলী একেই কাহিনী
    #assamesevideo #bihucontroversy #tridibbhagabati
    Bihu stage program 2024bihuBhupen hazarika controversyZubeen garg controversy majuliBeltola bihu 2024 live todayBihu live performanceLatasil bihuবিহু অনুষ্ঠানবিহু stage programTridib bhagabatitridib bhagabati talk showTridip bhagawati

Комментарии • 372

  • @gopalrabha3578
    @gopalrabha3578 5 месяцев назад

    Very nice thank you

  • @RINJUMONIBORA-t6d
    @RINJUMONIBORA-t6d 5 месяцев назад

    Very good

  • @trailokyadas9967
    @trailokyadas9967 5 месяцев назад

    সুন্দৰ প্ৰচেষ্টা আপোনাৰ লগতে ৰাইজ সজাগ হ'বলৈ
    হ'ল।

  • @AkhilKalita-e4p
    @AkhilKalita-e4p 5 месяцев назад

    Correct I support you

  • @nirmalborgohan2605
    @nirmalborgohan2605 5 месяцев назад

    Excellent advice bhaiti

  • @jyostnatalukdar9286
    @jyostnatalukdar9286 5 месяцев назад

    Very true and fruitful talk thanku

  • @TiluDas-w6s
    @TiluDas-w6s 5 месяцев назад

    Your right thinking brother.live long.god be with you.

  • @vinnasuri6800
    @vinnasuri6800 5 месяцев назад

    সুন্দৰ ভাল লাগিল

  • @jayantadutta7
    @jayantadutta7 5 месяцев назад

    সুন্দৰ বিশ্লেষণ!🙏

  • @arotiborah2733
    @arotiborah2733 5 месяцев назад

    👍

  • @bikashkalita7531
    @bikashkalita7531 5 месяцев назад

    Absuletly right

  • @rakeshsarma2018
    @rakeshsarma2018 5 месяцев назад

  • @MamoniDutta_
    @MamoniDutta_ 5 месяцев назад

    সুন্দৰ বিশ্লেষণ

  • @binasaikia1675
    @binasaikia1675 5 месяцев назад

    সুন্দৰ বিশ্লেষণ

  • @arunaboro8002
    @arunaboro8002 5 месяцев назад

    Right

  • @Tapankalita4362
    @Tapankalita4362 5 месяцев назад

    Right

  • @jyotiburagohain-lr2tp
    @jyotiburagohain-lr2tp 5 месяцев назад

    Right

  • @jutikadutta9993
    @jutikadutta9993 5 месяцев назад

    Right

  • @pallabborah3535
    @pallabborah3535 5 месяцев назад

    Right

  • @tariniray6945
    @tariniray6945 5 месяцев назад

    100% right

  • @pronitasarmatutorials4672
    @pronitasarmatutorials4672 5 месяцев назад

    Ekdom thik koise.... bhal lagil

  • @NiranjanBuragohain-e6i
    @NiranjanBuragohain-e6i 5 месяцев назад

    Hundor kotha 🙏

  • @binubanikya2072
    @binubanikya2072 5 месяцев назад

    ❤ ভাল লাগিল ।

  • @bipingoswami5052
    @bipingoswami5052 5 месяцев назад

    Right.

  • @champabhuyan6957
    @champabhuyan6957 5 месяцев назад

    Tumak bahut bahut dhanyabad prabvua asirbad diok

  • @anantaboruah1867
    @anantaboruah1867 2 месяца назад

    বৰ ভাল মন্তব্য লগতে এইটো কও যে অসম ৰ পতিতো বিহু ম়়ঞৰ পৰা শিল্পীক ভৱিষ্যতে বেয়া দিনত সহায় কৰিব পৰাকৈ অসমত এতি পুজি জমা ৰাখিলে বহুতৰ জীবন বাতিল।

  • @saberamamtaz1202
    @saberamamtaz1202 5 месяцев назад

    U r right Tridib

  • @aswinikumardas3188
    @aswinikumardas3188 4 месяца назад

    এনেকুৱা ভাল চিন্তা চৰ্চা কৰা মানুহৰ প্ৰয়োজন হৈছে ।

  • @chitralekhavisualartcentre9395
    @chitralekhavisualartcentre9395 5 месяцев назад

    যুৱ উশৃংখলতাই চৰম পৰ্যায় পাইছে। আমাৰ ৰুচিবোধ বহুত নিম্ন মানৰ হৈছে।

  • @kanganamalhotra4875
    @kanganamalhotra4875 4 месяца назад

    Share your concern. Rightly said.

  • @JugalRay-vi5xn
    @JugalRay-vi5xn 5 месяцев назад

    It is true. I support. ❤

  • @panchanandihingia6946
    @panchanandihingia6946 5 месяцев назад +18

    প্ৰতেক গৰাকী অসমীয়াৰ চিন্তা ভাৱ ধাৰা এনে হোৱা উচিত ।আপোনাৰ বহুমূলীয়া বক্তব্যক মই আদৰণি জনাইছো।

  • @archanabhattacharjee498
    @archanabhattacharjee498 5 месяцев назад

    শিল্পী সকলো ঐক্যবদ্ধ হবৰ হ'ল। উশৃংখল যুৱ সমাজক লেকাম নলগালে অসমীয়া জাতি লৈ বিপৰ্যয় আহি আছে।

  • @lakhyaMedhi-sf7ck
    @lakhyaMedhi-sf7ck 4 месяца назад

    Dhuniya kotha kole❤❤

  • @binudas8708
    @binudas8708 5 месяцев назад

    একেবাৰেই সত্য তোমাৰ কথা। আজিকালি কি হবলৈ গৈ আছে অসমৰ অৱস্হা।

  • @gariyoshi1253
    @gariyoshi1253 5 месяцев назад

    বৰ ভাল লাগিল তোমাৰ কথা বোৰ।

  • @RanjitDas-ot6ju
    @RanjitDas-ot6ju 5 месяцев назад

    আপোনাৰ সৈতে একমত
    আপোনাৰ কথাখিনিয়ে নতুন প্ৰজন্মই বেচিকৈ গুৰুত্ব দিব লাগে।

  • @dwipjyotikalita5994
    @dwipjyotikalita5994 4 месяца назад +1

    উচিত কথাখিনি কৈছে । ❤️‍🩹🤎🤍🧡

  • @prabodhdas6746
    @prabodhdas6746 5 месяцев назад

    Bhal kotha koise aapuni.

  • @anilneog3769
    @anilneog3769 5 месяцев назад +1

    তোমাৰ পৰামৰ্শ প্ৰসঙসনীয়, ৰাতি১২বজাতকৈ দিনত যদি মঞ্চ বিহু পাতে তেতিয়া ৰাতি যাব নোৱাৰা নাৰীসকলেও এনে অনুষ্ঠান উপভোগ কৰিব পাৰিব।

  • @mitaligogoi4842
    @mitaligogoi4842 4 месяца назад

    ইতিবাচক কথাবোৰ ভাল লাগি ল।

  • @bipulc3048
    @bipulc3048 5 месяцев назад

    ❤bhal katha koisa... Share kariso dei.

  • @prodipkakati.north.lakhimp2441
    @prodipkakati.north.lakhimp2441 5 месяцев назад

    N lakhimpur prodip kakati nice

  • @rimakalita6561
    @rimakalita6561 5 месяцев назад +7

    আপোনাৰ সু পৰামৰ্শই তথাকথিত শিল্পী সকলক সুমতি দিয়ক। আপোনালৈ অশেষ ধন্যবাদ।

    • @BasantaBorah-lr9lr
      @BasantaBorah-lr9lr 5 месяцев назад

      তথাকথিত , পেছাগত গায়ক কেইটাৰ পৰা সুমতি ! পৰ্বতত কাছ কণী পাব পাৰে কিন্ত ;

  • @pranaybhusanmusicalchanal4494
    @pranaybhusanmusicalchanal4494 5 месяцев назад

    শুদ্ধ কথা

  • @sisirmazumdar1864
    @sisirmazumdar1864 5 месяцев назад

    Thank you Tridib. Kotha khini bor monograhi hoise. Ei video tu Sai hokoluwe hoitu aapluto hobo.

  • @adityakalitamusical4013
    @adityakalitamusical4013 5 месяцев назад

    বৰ ভাল কথা দে

  • @SwarnalataMalakar
    @SwarnalataMalakar 5 месяцев назад

    ধননবাদ - আমাৰ পৰঅতি গৰাকী অসমীয়াই এই কথা ভাবিবৰ হল.সচা কথা . বিহু ফাংচন ১২টা বজাত শেষ কৰা হওক .
    তাৰপিছত পৰঅতিখন বিহু ফাংচনতে ভূপেন হাজৰিকাৰ গীত বিচনু ৰাভাগীত জোতিপৰঅসাদৰ গীতগাব দিব লাগে .তেতিয়াহে আমি তেখেত সকলক সনমান দিয়া হব .❤❤
    ❤❤❤

  • @HotThupka
    @HotThupka 5 месяцев назад +22

    পাঞ্জাৱী গান বজোৱা আৰু আমাৰ বিয়াত পাঞ্জাৱী ৰীতি-নীতি কৰা, ভিন্দো ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আমি জিজু ব্যৱহাৰ কৰা আৰম্ভ কৰিছো। আমাৰ মহাদেৱক সন্মান দিয়াৰ পৰিৱৰ্তে, নামঘোৰ আমি জয় শ্ৰী ৰাম বুলি চিঞৰি আছো। অসমসংস্কৃতি বিলুপ্তিৰ দিশে

    • @stugg85
      @stugg85 5 месяцев назад

      ekdam xosa kotha...

    • @NIRIBILI2025
      @NIRIBILI2025 5 месяцев назад +2

      Hoy dei moi o loikhyo korisu aji kali kiba biya burot mehendi, sangeet eyibilak pate aru bisona ekhon dangi ane tar tolere koina joni buli buli sutal loi blulai ahe eya niki amar xongskriti...hayooi axomiya eneke hole jati tur kola xongskriti hokolu nipat hobo oi

    • @informativeknowledge4104
      @informativeknowledge4104 4 месяца назад +1

      ৰাম আমাৰ ভগৱান হয় য'তে ততে যি তি কথা নকবি নহ'লে কাণতলীয়া চৰ খাবি কৰোৱাত।

  • @kalraj7821
    @kalraj7821 5 месяцев назад

    👍👍👍👍👍👍👍👍👍
    Nice n informative video. Axomia bhalkoi kobo nuware tothapiu falicitation korise.

  • @NilutpolBoraBiki
    @NilutpolBoraBiki 5 месяцев назад

    মই এজন উঠি অহা প্ৰজন্ম , তথাপি মই আপোনাৰ মতামতত সম্পূৰ্ণ সমৰ্থক, মইও বিচাৰোঁ মোৰ দেশৰ বিহু মঞ্চত দেহ মন পবিত্ৰ কৰা , দেহত শক্তি প্ৰদান কৰা , দেশপ্ৰেমৰ ভাৱ সৃষ্টি কৰা অসমৰ হেই মূল্যবান গান সমূহ বাজি উঠাটো , তেতিয়া হয়টো বিহু মঞ্চৰ প্ৰতি থকা ঘৃণা ভাৱটো মোৰ মনৰ পৰা আঁতৰ হব......

  • @queensaikia916
    @queensaikia916 5 месяцев назад +11

    সাম্প্ৰতিক সময়ত মঞ্চ বিহুৰ ঐতিহ্য আৰু স্বকীয়তা ক্ৰমাৎ অৱনমিত হোৱা পৰিলক্ষিত হৈছে। মঞ্চ বিহু সমূহ সাংস্কৃতিক সন্ধিয়াকেন্দ্ৰিক হোৱাৰ পৰিবৰ্তে পৰম্পৰাগত কলা - সংস্কৃতি, বিহু নাচ- গান,জনজাতীয় কৃষ্টি আৰু লোকাচাৰ ভিত্তিত হোৱা উচিত।
    গঠনমূলক চিন্তা আৰু প্ৰাসংগিক পৰ্যালোচনাৰ বাবে অশেষ ধন্যবাদ।

  • @lakhimaphukan5596
    @lakhimaphukan5596 5 месяцев назад

    বৰ্তমান সময়ত এই বিলাক কথাৰ যথেষ্ট গুৰুত্ব আছে। বিহুৰ নামত কিছু উদ্ভণ্ডালিৰ বাবে বিহুৰ মৰ্য্যদা হানি হে হৈছে।

  • @basantakrsarma3214
    @basantakrsarma3214 5 месяцев назад

    Very
    G, 9:50 9:50 9:50

  • @riturajbaruah5329
    @riturajbaruah5329 5 месяцев назад

    Bhupen hazarika, jayanti hazarika, dipen barua, pulok benarjee eman dhunia gan bilak huna manuh nai. Aji maximum new generation puroni gan nuhune. . Old is gold.

  • @minaksheeroy3461
    @minaksheeroy3461 5 месяцев назад +8

    মোৰ মনৰ কথাখিনি কৈছে ৷ আপোনাৰ নিচিনা আৰু কেইজনমান সমাজ সচেতন লোকে এই প্ৰচেষ্টা অব্যাহত ৰাখক ৷ আপোনালৈ অশেষ ধন্যবাদ ৷

  • @shyammahanta7317
    @shyammahanta7317 5 месяцев назад +6

    বৰ সুন্দৰ বিশ্লেষণ | এই কথাবোৰ গভীৰ ভাৱে চিন্তা কৰিবৰ হ'ল 👍🙏🙏

  • @ranjitdutta3411
    @ranjitdutta3411 5 месяцев назад +5

    সুন্দৰ মন্তব্য।বৰ্তমান বিহু মঞ্চসমূহ বেপেৰুৱা হৈছে! নিজৰ ঐতিহ্য হেৰুৱা মূলতে শিল্পী সকলৰ লগতে বিহু কমিটি সমূহো সমানে জগৰীয়া

  • @jintugogoi1102
    @jintugogoi1102 5 месяцев назад

    Thik korisa

  • @kuberbaba799
    @kuberbaba799 5 месяцев назад +1

    মাজুলীত কিন্তু মাৰ পিত হোৱা নাছিল। কাজিয়া হোৱা নাছিল

  • @parthasarathi1142
    @parthasarathi1142 5 месяцев назад

    মোৰ বয়স আজি ২৪ বছৰ, তথাকথিত নৱপ্ৰজন্ম । তথাপিও মোৰ playlist ত ভূপেন হাজৰিকাৰ play time অন্য গায়কতকৈ বেচি। বিশ্ববিদ্যালয়ৰ গাত লাগি থকা সমাধিক্ষেত্ৰ মোৰ বাবে তীৰ্থস্থান ।

  • @anilboro6983
    @anilboro6983 5 месяцев назад

    Baĥut bahùt danyabad

  • @Suranjana_Bhakti
    @Suranjana_Bhakti 5 месяцев назад +5

    কি সুন্দৰ কথাৰে বুজাইছা ভাইটি! তোমাক নমস্কাৰ জনাইছোঁ।

  • @gajendranathsaloi5362
    @gajendranathsaloi5362 5 месяцев назад

    মঞ্চ বিহু আমন্ত্ৰণ জনোৱা গায়ক,গায়িকা সকলক সমিতিয়ে 5জন স্বনামধন্য ব্যক্তিৰ গীত পৰিবেশন কৰিবলৈ বাধ্য কৰাব লাগে,সেই কেইজন হল শংকৰদেৱ/মাধৱদেৱ(বৰগীত),জ্যোতিপ্ৰসাদ,বিষ্ণু প্ৰসাদ,পাৰ্বতি প্ৰসাদ আৰু ভুপেন হাজৰিকা।

  • @জয়মহাকাল-শ৯ভ
    @জয়মহাকাল-শ৯ভ 5 месяцев назад

    আমাৰো মনৰ কথা এইখিনি ৷ কিন্তু এনেকুৱা কথাবোৰৰ গুৰুত্ব কম আজিৰ দিনত ৷ সৰুতে গৈছিলোঁ গছতলৰ বিহু ,মঞ্চবিহু চাবলৈ ৷ এতিয়া নাযাওঁ ৷ অলপ ডাঙৰ হোৱাৰ পৰা ভয়লগা হ’ল মাতাল,উদণ্ড,অভদ্ৰ এচাম দৰ্শক(ল’ৰা)ৰ বাবে ৷ এতিয়াটো সেইচাম দৰ্শকক সন্তুষ্ট কৰিবলৈহে গায়কেও গান গায়। সেইচামৰ অতপালিক সাৰপানী যোগাবলৈ গায়কৰ নামত সংস্কৃতিৰ জাৱৰসোপাটো আছেই ৷
    অংগৰাগ মহন্তৰ সাংস্কৃতিক অনুষ্ঠান চাই (টিভিতহে চাইছোঁ) সঁচাকৈ ভাল লাগে ৷ পিতৃ-মাতৃক সুঁৱৰি তেওঁলোকৰ গান গোৱাৰ লগতে ৰাইজকো শ্ৰদ্ধা-সন্মান জনাইছে সহযোগী শিল্পী আৰু বাদ্যযন্ত্ৰী সকলৰ লগত একেলগে ৷ অনুষ্ঠান সোনকালে আৰম্ভ কৰি সোনকালে শেষ কৰিব চেষ্টা কৰিছে ৷ তেওঁৰ পৰা শিকিবলগীয়া আছে বহুজন নামী-দামী গায়ক-গায়িকা আৰু সংস্কৃতিৰ বেপাৰী সকলে ৷

  • @phulendas7939
    @phulendas7939 5 месяцев назад

    একেবাৰে সত্য ❤❤❤

  • @cyrus31445
    @cyrus31445 5 месяцев назад

    Thik koise...bor dhuk loga poribekh😭

  • @balendas4259
    @balendas4259 5 месяцев назад +9

    ধন্যবাদ ভাগৱতী । সমসাময়িক আৰু গুৰুত্বপূৰ্ণ পৰামৰ্শ মূলক বক্তব্য আগবঢ়াই এই বিহুৰ বতৰত জাতিৰ আয়ুষ ৰেখাডাল আৰু কটকটীয়া কৰাৰ যি অনুৰোধ ৰাখিলে ইয়াতকৈ বিহু বলীয়া ৰাইজক বেছি কোৱাৰ প্ৰয়োজন নাই বুলি মই অনুভৱ কৰোঁ । পুণৰ বাৰ বিহুৰ শুভেচ্ছাৰে ।

  • @tmkoc5674
    @tmkoc5674 5 месяцев назад +1

    Aji kali r manuhe bhupendra Sangeet hunibo nibisoratu oti poritapor kotha...Dhikkar ene manasikota...

  • @PBMUSIC-kp1zr
    @PBMUSIC-kp1zr 5 месяцев назад

    সঁচা কথা কৈছে।

  • @RameswarGohain-y8l
    @RameswarGohain-y8l 5 месяцев назад +10

    আপোনাৰ কথা সম্পূৰ্ণ সঁচা আৰু বিহু আয়োজক সকলো এইবিলাকৰ উপৰত বিচাৰ কৰিব হ'ল । বিশেষকৈ সময়ৰ উপৰত বিচাৰ কৰিব হ'ল। ৰাতি বিহুত সদায় খেলিমেলি হয়।

  • @kotadigang175
    @kotadigang175 5 месяцев назад

    This is really a serious topic
    Bro im with you thank you for giving us this kind of awareness. ❤

  • @assam4872
    @assam4872 5 месяцев назад +4

    অসমীয়া জাতিটোৰ বাবে সঁচাকৈ বহুত মূল্যবান কথা। 'ভিডিও'টো ভাল উপযোগিতা মূলক।

  • @BasantaBorah-lr9lr
    @BasantaBorah-lr9lr 5 месяцев назад +2

    সুন্দৰ কথা , সময়োচিত আহ্বান কিন্ত ,: " - - - কাণ জোকাৰি ঘাঁহ খাই "

  • @pradipchabukdhara1809
    @pradipchabukdhara1809 5 месяцев назад

    এটা বিৰোপ মন্তব্য কৰাতকৈ বত‘মান সময়ৰ যুৱক সমাজ সচেতন হওঁক ৷ জুবিনক অন্ধ অনুসৰণ কৰাতকৈ অন্য কিবা এটা কৰক ৷

  • @hengulakash4458
    @hengulakash4458 5 месяцев назад

    দাদা অসমৰ প্ৰথম মঞ্চ বিহু গোলাঘাটৰ বেটিয়নিত হৈছিল

  • @kailashchsarma619
    @kailashchsarma619 5 месяцев назад

    সাম্প্ৰতিক কালত মানুহৰ মানুহৰ মানসিকতাৰ পৰিবৰ্তন ঘটিছে । সুস্থ পৰিবেশত তাত্বিক কথাৰ পৰিবৰ্তে মনোৰঞ্জনধৰ্মী বিষয়ক লৈ অধিক ব্যস্ত হোৱা দেখা গৈছে । এইক্ষেত্ৰত সামাজিক মাধ্যমৰ অপপ্ৰয়োগ আৰু এচাম শিল্পীয়ে কোনো মঞ্চত গীত পৰিবেশন কৰোতে দৰ্শকক সহযোগ কৰি নাচিবলৈ জনোৱা গতানুগতিক আহ্বানে বহু অনুস্থানৰ গাম্ভীৰ্যতা আৰু সৌষ্ঠৱ নষ্ট কৰাটোহে পৰিলক্ষিত হৈছে । কিয়নো সেই সাংস্কৃতিক অনুস্থানসমূহ উপভোগ কৰাৰ বাবে অকল ডেকাচামেই নাযায়,শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিসকলো যায় । মানুহৰ মানসিক চাপ নিৰাময়ত সঙ্গীতে এক সঞ্জীৱনীৰ দৰে কাম কৰে । তাৰবাবে এক সুস্থ বাতাবৰণৰ প্ৰয়োজন । গীত এটিক প্ৰাণোচ্ছল বা উজ্জীৱিত কৰাৰ বাবে বাদ্যসঙ্গত অপৰিহাৰ্য যদিও অত্যাধিক প্ৰাবল্যৰ শব্দযন্ত্ৰয়ো শিশু আৰু বয়োজ্যেষ্ঠ সকলৰ শাৰীৰীক-মানসিক ভাৰসাম্যতাত বিৰূপ প্ৰভাৱ পেলায় । আমি উপভোগ কৰা সুধাকণ্ঠ ড০ভূপেন হাজৰিকাদেৱৰ সঙ্গীত পৰিবেশত হাৰমণিয়াম, তবলা,গীটাৰ বা মেণ্ডলিন আৰু বাঁহীৰ বাহিৰে আন বাদ্যযন্ত্ৰৰ ব্যৱহাৰ প্ৰায় নাছিলেই । সেইদৰে খগেন মহন্ত-অৰ্চনা মহন্ত,ৰামেশ্বৰ পাঠক-ধনদা পাঠকৰ সঙ্গীতানুস্থানত নিৰ্দিষ্ট বাদয়ন্ত্ৰ কেইটাহে ব্যৱহাৰ কৰা দেখিছিলোঁ । আচলতে এইসকল জনতাৰ শিল্পীয়ে গীতৰ কথাংশৰ ওপৰত বেছি গুৰুত্ব দিছিল যাৰ সেই গীতবোৰ কালজয়ী গীত হিচাপে সকলো স্তৰৰ লোকৰ মনত অনুৰণিত হৈ আহিছে । সাধাৰণতে বিশেষত্ব থকা সাংস্কৃতিক বা বৌদ্ধিক চৰ্চাৰ অনুস্থানবোৰত ৰুচিবোধ থকা দৰ্শক-শ্ৰোতাকহে আমন্ত্ৰণ কৰা দেখা যায় যাতে নিৰ্দিষ্ট শিল্পী বা বক্তাৰ প্ৰতিটো শব্দৰ মৰ্মাৰ্থ অনুধাৱন কৰাত কাৰো অসুবিধা নহয় । সাহিত্য,সংস্কৃতিৰ ঐতিহ্য,পৰম্পৰা ৰক্ষা কৰাৰ দায়িত্ব তথা আমাৰ পুৰোধা ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ নৈতিক কৰ্তব্য পালনেহে অসমীয়া সমাজখনৰ মহিমা অক্ষুণ্ণ ৰাখিব । এইক্ষেত্ৰত চৰকাৰেও বিহু বা আন উপলক্ষ্যত উদযাপন কৰিব খোজা সাংস্কৃতিক অনুস্থানবোৰ পৰিচালনাৰ ক্ষেত্ৰত উদ্যোক্তা আৰু শিল্পীসকলকো কিছু চৰ্ত বান্ধি দিয়া উচিত ভাবো যাতে আমাক বিহু বা আন জাতীয় সংস্কৃতিৰ মৌলিকতা,সীমাবদ্ধতা,পৰিশীলন আদি ৰক্ষা কৰা দায়িত্ববোধৰ কথা আনে সোঁৱৰাব নালাগে । কেবল ৰংৰহইচ কৰি ক্ষন্তেকীয়া সুখৰ বন্যাত সাতুৰি থাকিলেই সমাজখন বৰ্তি নাথাকে । ভিডিঅ'টোত প্ৰকাশ কৰা আপোনাৰ কথাখনিৰ আলমত মোৰ নিজৰ অনুভৱখিনি ব্যক্ত কৰাৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ ॥

  • @jitenlahkar4485
    @jitenlahkar4485 5 месяцев назад +6

    কৃষ্ণ। অতি সুন্দৰ সমপ্ৰয়োযুগী বক্তব্য আগবঢ়াইছে। কিন্তু এই কথাবোৰ আমাৰ উঠি অহা প্ৰজন্মই বিবেচনা কৰি চাবনে। আশাকৰো অসমীয়া ৰাইজে এই কথাবোৰ গুৰুত্ব সহকাৰে লব। কৃষ্ণ।

  • @kalpanahazarika311
    @kalpanahazarika311 5 месяцев назад +2

    টিদীপ তোমাৰ অনুভৱ আমাৰ গ্ৰহণ যোগ্য ৷ সদায় আগবাঢ়ি যোৱা ৷

  • @kabitasharma1638
    @kabitasharma1638 5 месяцев назад +2

    খুব সুন্দৰ কথা কৈছা ত্ৰিদিব ৷ আজিৰ প্ৰজন্মৰ হৈও তুমি যে এই কথাখিনি উপলব্ধি কৰিছা আৰু ৰাইজৰ মাজলৈ আনিব বিচাৰিছা তাৰ বাবে তোমাক অশেষ ধন্যবাদ ৷ এগৰাকী সাধাৰণ শিল্পী হিচাপে আজিৰ পৰা বহু বছৰ আগৰে পৰা মঞ্চ বিহুৰ অবনতি লক্ষ্য কৰিছিলোঁ ৷ গোৱাতো দুৰৈৰে কথা চাবলৈ যোৱাও এৰিছো ৷
    ভূপেনদা আছিল হাড়ে হিমজুৱে অসমীয়া আৰু অতি দূৰদৰ্শী ৷ অসমক অন্তৰেৰে ভাল পাইছিল ৷ ভূপেন্দ্ৰ সঙ্গীত প্ৰকৃত অৰ্থত অনুভব কৰি গাব পৰা শিল্পী হয়তো অসমত অতি কম সংখ্যক ওলাব ৷ তাৰোপৰি তেনে ৰুচিসন্মত দৰ্শকৰো প্ৰয়োজন ৷ জ্যোতি সঙ্গীত , বিষ্ণু ৰাভা সঙ্গীতৰ বিষয়ে একেখিনি কথাই প্ৰযোজ্য ৷ আমাৰ জাতীয় সম্পদ বিহুৰ দূৰাৱস্থাৰ আৰু ভবিষ্যতৰ কথা ভাবি শঙ্কিত হওঁ ৷ এই কথা উপলব্ধি কৰিব পৰা তোমালোকৰ দৰে নব প্ৰজন্মৰ আমাক প্ৰয়োজন ৷আশাকৰো সকলো অসমীয়া এই বিষয়ে সচেতন হব ৷

  • @gamerzworld9593
    @gamerzworld9593 5 месяцев назад

    Ekdom sotya kotha....enekua topic borot apuni agoloi video bonai thakibo dada....❤

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 5 месяцев назад

    একেবাৰেই সচাঁ কথা

  • @drparagjsarmah5033
    @drparagjsarmah5033 5 месяцев назад +8

    বিহুৰ পৰা গায়ক সংস্কৃতি বন্ধ কৰক । লগতে ফকতিয় ১৫০০০০/- টকা কৈ বিহু কমিটি ক দিয়াত কৈ সেই পইচা লোক শিল্পী সকলক দিয়া ব্যৱস্থা কৰিব লাগে

    • @logicearning567
      @logicearning567 5 месяцев назад

      Mm thikei koise luko honksritir hilpi hokolok pension or byobostha koribo lage jate teuluke monthly 2 k man holeu lav kore
      Sorkare orunudoi dibo pare jodi aikon u koribo paribo lage 😊😊

  • @Akiramenai04
    @Akiramenai04 5 месяцев назад +1

    Education is an important virtue that segregates the type of people in such events. It might be harsh but society is divided into segments where one understands the importance of organizing Bihu Functions while the other doesn't. Their minds are not developed enough to comprehend the contributions of legends like Bhupen Hazarika. All they know is chaos and not acting according to the societal norms. The influx of such 'thugs' has resulted in people who really care, not to visit the events and hence , we witness more such incidents of disorder.
    Solution is introducing tickets and a solid security.

  • @susmitadutta9526
    @susmitadutta9526 5 месяцев назад +17

    খুব সুন্দৰ কথা কৈছা,,,ভাল লাগিল,,,তুমি কোৱা কথা সমূহ আলোচনা হওঁক,,সকলো সমিতিৰ লোকে ভাবিব লগীয়া কথা

  • @MakhoniNeog
    @MakhoniNeog 5 месяцев назад +13

    অলকেশ দত্ত দাৰ এটি গীতৰ কথা মনত পৰে। “মিছা সময় মিছা মানুহ মিছা আদৰ, আৰু আৰম্ভণি ফোপোলা সভ্যতাৰ।” 😞😞

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 5 месяцев назад

    মই আজি 20 বছৰে মঞ্চৰ বিহুত এই শিল্পীসকলৰ অনুষ্ঠান চোৱা নাই ।

  • @bhupenkalita2556
    @bhupenkalita2556 5 месяцев назад +5

    তিদীপ তোমাৰ কথা খিনি ভাল লাগিল এই কথাখিনি কোনোবা মুকলি সভাত কবা বুলি আশা ৰাখিলো,

  • @gautam12345ify
    @gautam12345ify 5 месяцев назад +2

    কথাখিনি মনপুত হৈছে৷ এনেধৰণৰ প্ৰচাৰে ভৱিষ্যত নৱপ্ৰজন্মৰ চিন্তাধাৰাবোৰ লাহে লাহে উন্নত হব বুলি মই আশাবাদী৷

  • @mayurenterprise6238
    @mayurenterprise6238 5 месяцев назад

    Bhupen Hazarika r geet gaboloi pariboto lagibo.

  • @Dhanjit2345
    @Dhanjit2345 5 месяцев назад +3

    এয়া চিন্তনীয় বিষয়।।।। বহুত ভাল কথা কৈছে দাদা

  • @vic49759
    @vic49759 5 месяцев назад

    মঞ্চ মাদক দ্ৰব্য বৰ্জিত হোৱাক লৈ আপোনাৰ মতামত?

  • @bituponbora7597
    @bituponbora7597 5 месяцев назад +2

    অতি সুন্দৰ আহ্বান জনাইছে আপোনাৰ দৰে সকলোৱে এই কথা ভাবিবৰ হল ,, নহলে অসমীয়া অস্তিত্ব নোহোৱা হবলৈ কিমান দিন ?

  • @mukulbordoloi9965
    @mukulbordoloi9965 5 месяцев назад

    একেবাৰে সচাঁ কথা

  • @dipakkrdasdaskrdipak4941
    @dipakkrdasdaskrdipak4941 5 месяцев назад +6

    লটাশিল বিহুসম্নীলনিৰ এটা বৈশিষ্ঠ😊 আছে।সেয় হৈছে অক্ষ্যাত শিল্পিক হে বিছাৰি আনি প্ৰতিষ্ঠা কৰা মই জনাত প্ৰয়াত ক্ষীৰদা কান্ত বিষয়া থকা সময়লৈ এই ধাৰাতো আছিল আটচ বাজিৰপৰা ভাওনা ওজাপালি ধূলীয়া চাৰ্কাছ পৰা সকলো জনগোষ্ঠিৰ অনুষ্ঠানআৰু সদায়ৰাতি ১বজাত অনুষ্ঠান সেখ হয়।🙏🙏🙏

  • @tarunchandradas2067
    @tarunchandradas2067 5 месяцев назад +14

    অতি দুখৰ কথা বিহু সম্ৰাট খগেন মহন্তৰ বিহুকো কোনো শিল্পীয়ে নাগায়।

  • @satyendradutta4075
    @satyendradutta4075 5 месяцев назад +2

    আপোনাৰ কথাখিনি সঁচাকৈয়ে প্ৰত্যেকজন অসমীয়াই গুৰুত্ব সহকাৰে আৰু আত্ম-বিশ্লেষণাত্মক মনোভাৱেৰে গ্ৰহণ কৰা উচিত। সংস্কৃতিবান অসমীয়া সমাজৰ উঠি অহা প্ৰজন্মৰ মন মগজুত যাতে মঞ্চবিহুৰ নামত অপসংস্কৃতিয়ে গজালি মেলিব নোৱাৰে তাৰ বাবে সকলোৱেই সচেতনহৈ যোগাত্মক পদক্ষেপ লোৱা উচিত।

  • @ditumusicalstudio4849
    @ditumusicalstudio4849 5 месяцев назад +4

    ১০০ শতাংশ শুদ্ধ ৷ এতিয়া আমি দেখা পাইছো ,কিছু শিল্পীয়ে বৰ্তমান নৱপ্ৰজন্মক উশৃঙ্খল কৰিবলৈ চেষ্টা কৰিছে ৷ এটা সময়ত বাপতি সাহোন বিহুৰ নামত অসমীয়া সমাজ জীৱন নিশেষ হব৷

  • @purnanathborah2729
    @purnanathborah2729 5 месяцев назад +3

    উচিত উপস্থাপন ভতিজা ৷ এইক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আছে ৷ কথাবোৰ নতুনকৈ চিন্তা কৰিবৰ হ’ল ৷

  • @kalyanbaruah5831
    @kalyanbaruah5831 5 месяцев назад +4

    কথা কেইটা ভাল লাগিল। বিহু তলীত উদণ্ড আচৰণ কৰা ডেকা সকল মাতাল হৈ মঞ্চৰ খুটা বগুৱা শিল্পী সকলৰ দ্বাৰা অনুপ্ৰাণিত হোৱা যেন অনুভৱ হয়।সেয়ে শিল্পী সকলকো আহবান জনাব লাগে যাতে মঞ্চত তেওঁ বিলাকে মাৰ্জিত আচৰণ কৰে।