কোনে কাক বহুৰূপী বুলি ক'লে ???

Поделиться
HTML-код
  • Опубликовано: 22 сен 2024
  • কোনে কাক বহুৰূপী বুলি ক'লে ???
    চিদানন্দ শইকীয়া সোঁৱৰণী ১৩ বছৰ অনূর্ধ্ব ফুটবল লীগ প্ৰতিযোগিতাৰ সফল সমাপ্তি।
    ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চৌকিদিঙী খেলপথাৰত যোৱা ইংৰাজী ১২ জুলাই পৰা ১৪ জুলাই ২০২৪ তাৰিখলৈ বিশিষ্ট সমাজকৰ্মী চিদানন্দ শইকীয়া সোঁৱৰণী ১৩ বছৰ অনূর্ধ্ব আন্তঃ একাডেমী Sub Junior Youth Football League-2024 প্ৰতিযোগিতাৰ খন খুব সুন্দৰকৈ অনুষ্ঠিত হৈ যায়।
    ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত ফুটবল খেলুৱৈ সকলৰ ক্ৰীড়া প্ৰতিভা সমূহক উদগনি জনোৱা, ক্ৰীড়াৰ বাতাবৰণ অক্ষুণ্ণ তথা অটুট ৰখা, খেলুৱৈ সকলক এখন মঞ্চ প্ৰদান কৰাৰ লগতে দেশৰ একো একো জন মানৱ সম্পদ হিচাবে গঢ় দিয়াৰ স্বাৰ্থত উক্ত প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা হৈছিল।
    গ্ৰুপ লীগ পদ্ধতিত অনুষ্ঠিত প্ৰতিযোগিতা খনত মুঠ ১৮ টা দলে অংশ গ্ৰহণ কৰিছিল।
    দল সমূহে ক্ৰমে:
    ১. নামৰূপ টাউন ক্লাৱ ফুটবল একাডেমী
    ২. পাভজান কঁঠালগুৰি ফুটবল কছিং চেণ্টাৰ
    ৩. যদু শ্যাম ফেন ক্লাৱ (B)
    ৪. ক্ৰিকেট ক্লাৱ অফ ডিব্ৰুগড়
    ৫. চাবোৱা উনাইটেড এফ চি
    ৬. কপহুৱা নৱজ্যোতি সংঘ, নামৰূপ
    ৭. দুলিয়াজন ফুটবল কছিং চেণ্টাৰ
    ৮. টেঙাখাত ফুটবল একাডেমী
    ৯. লুইত ফুটবল কছিং চেণ্টাৰ
    ১০. পি. পি. এফ. এ নাহৰকটীয়া
    ১১. জয়পুৰ তৰুণ সংঘ
    ১২. যদু শ্যাম ফেন ক্লাৱ (A)
    ১৩. মাধুটিং এফ. এ
    ১৪. নাহৰকটীয়া ফুটবল একাডেমী
    ১৫. হলগুৰি তিপমীয়া ফুটবল কছিং চেণ্টাৰ
    ১৬. মাইজান ফুটবল কছিং চেণ্টাৰ
    ১৭. টিমনা ফুটবল কছিং চেণ্টাৰ
    ১৮. খোৱাং ক্ৰীড়া সন্থা
    প্ৰতিযোগিতা খনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় নামৰূপ টাউন ক্লাৱ আৰু টিমনা ফুটবল কছিং চেণ্টাৰ মাজত।
    চূড়ান্ত খেলখন বল কিক কৰি উদ্বোধন কৰে ডিব্ৰুগড় পৌৰসভাৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, অসম পৰ্য্যটন বিভাগৰ অধ্যক্ষ শ্ৰীযুত ঋতুপূৰ্ণ বৰুৱাই।
    উক্ত খেলখনত টিমনা ফুটবল কছিং চেণ্টাৰে নামৰূপ টাউন ক্লাৱ ফুটবল একাডেমীক ৩-১ গলত পৰাজিত কৰি ২০২৪-২৫ বৰ্ষৰ প্ৰথম বাৰ্ষিক চিদানন্দ শইকীয়া সোঁৱৰণী ১৩ বছৰ অনূর্ধ্ব আন্তঃ একাডেমী Sub Junior Youth Football League-2024 প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ খিতাপ ভাল কৰে টিমনা দলৰ দীপাংকৰ মূৰা আৰু আৰু নামৰূপ দলৰ অবিনাশ ভূঞাই।
    প্ৰতিযোগিতাৰ প্ৰথমজন শ্ৰেষ্ঠ খেলুৱৈ চি চি ডি দলৰ নয়নমণি দত্ত, দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈ খোৱাং দলৰ জ্যোতিষ্মান সোনোৱাল আৰু শ্রেষ্ঠ গ'লকীপাৰ যদু শ্যাম ফেন ক্লাৱৰ নৱদ্বীপ কলিতাই। সকলো খেলুৱৈক ট্ৰফী সহ মানপত্ৰ প্ৰদান কৰা হয়।
    প্ৰতিযোগিতাৰ বিজিত দলক ট্ৰফী সহ নগত পাঁচ হাজাৰ টকা, পাঁচটা ফুটবল, Cone, Marker, Hurduls, আৰু প্ৰত্যেক জন খেলুৱৈক এযোৰকৈ ফুটবল বোট প্ৰদান কৰা হয়, প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলক ট্ৰফি সহ নগত সাত হাজাৰ টকা, পাঁচটা ফুটবল, Cone, Marker, Hurduls, আৰু প্ৰত্যেক জন খেলুৱৈক এযোৰকৈ ফুটবল বুট প্ৰদান কৰা হয়।
    প্ৰতিযোগিতা খনত অংশ গ্ৰহণ কৰা ১৮ টা দলৰ মাজৰ পৰা চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰা ৬ টা দলক পাঁচটাকৈ ফুটবল আৰু Cone, Marker, Hurduls প্ৰদান কৰা হয়।
    ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক প্ৰীতম দাসে আঁত ধৰা আজিৰ চুড়ান্ত খেলৰ বঁটা বিতৰণি অনুষ্ঠিত উপস্থিত থাকে জিলা ক্ৰীড়া সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি কামাখ্যা শইকীয়া, সম্পাদক নিৰঞ্জন শইকীয়া, কোষাধ্যক্ষ ইমদাদ চাব্ৰি আহমেদ, ট্ৰফী দাতাৰ পৰিয়ালবৰ্গ, ডিব্ৰুগড় পৌৰসভাৰ প্ৰথম জন মেয়ৰ ডাঃ চৈকত পাত্ৰ, অসম পৰ্য্যটন বিভাগৰ অধ্যক্ষ ঋতুপূৰ্ণ বৰুৱা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি মানস দত্ত, দীপু ৰঞ্জন মাৰ্কাৰী, দীপক বৰুৱা, ভাস্কৰ জ্যোতি গগৈ, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক মুনীন্দ্ৰ নাথ শইকীয়া জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক অঞ্জন বৰুৱা, ক্ষীৰোদ সোনোৱাল, বিৰাজ চেতিয়া, ফুটবল বিভাগৰ চেয়াৰমেন শংকৰ দাস, ৰেফাৰী বৰ্ডৰ ভাৰপ্ৰাপ্ত সম্পাদক অসীম হাজৰিকা, চেয়াৰমেন উপেন ভূঞা, টেবুল টেনিছ সম্পাদক প্ৰশান্ত কুমাৰ দত্ত, কাৰ্যকৰী সদস্য চবিৰ হুছেইন, বিশিষ্ট ক্ৰীড়া সংগঠক অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক ভূপেন গগৈ, জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সম্পাদক আব্দুল ৰহমান লগতে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ভালেকেইজন বিষয়ববীয়া আৰু ক্ৰীড়া প্ৰেমী ৰাইজ। উক্ত প্ৰতিযোগিতা খনৰ খেল সমূহ পৰিচালনা কৰে ক্ৰমে: মানৱজিৎ শইকীয়া, ৰবীন কোঁৱৰ, মাধুৰ্য্য মৰাণ, ৰঞ্জীত মাল, মঞ্জিত কোঁৱৰ, দ্বীপ কিচন, বৰষা হাজৰিকা আৰু ঋতুশ্ৰী হাজৰিকাই প্ৰতিযোগিতা খনৰ মেচ কমিছনাৰ দায়িত্ব পালন কৰে সঞ্জীৱ কোঁৱৰে খেলুৱৈ নিৰ্বাচক হিচাবে থাকে ইছাক টিৰ্কী, ইন্দ্ৰজিত সোনোৱাল আৰু শেষত শলাগৰ শৰাই আগবঢ়াই জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয় সম্পাদক মানৱজিৎ শইকীয়াই। এই প্ৰতিযোগিতাৰ সম্পূৰ্ণ খৰছ বহন কৰাৰ বাবে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া দেৱক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি সকল ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়ালে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনায়। তাৰপৰি প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰা ১৮ টা ফুটবল দলৰ বিষয়ববীয়া, সদস্য, প্ৰশিক্ষক আৰু সমূহ খেলুৱৈসকলৰ পূৰ্ণ সহযোগিতাৰ দেখি ভাল লাগিল ।
    #dibrugarh
    #football
    #u13
    #U13football
    #tournament
    #namrup
    #Timona
    #tfcc

Комментарии • 4

  • @satyanathduarah284
    @satyanathduarah284 2 месяца назад +1

    সুন্দৰ ।

    • @nobulmoon
      @nobulmoon  2 месяца назад

      ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ 🙏

  • @akhimtenga
    @akhimtenga 2 месяца назад +1

    খুব সুন্দৰ।

    • @nobulmoon
      @nobulmoon  2 месяца назад

      মন্তব্যটোৰ পাই ভাল লাগিল। ধন্যবাদ 🙏