পোষণ আঁচনি কি ? পোষণ (POSHAN) অভিযান আঁচনিৰ বিষয়ে জানিবলগীয়া বহুতো কথা | What is Pushan Scheme

Поделиться
HTML-код
  • Опубликовано: 11 окт 2024
  • পোষণ আঁচনি কি ? পোষণ (POSHAN) অভিযান আঁচনিৰ বিষয়ে জানিবলগীয়া বহুতো কথা | What is Pushan Scheme | Joyshree's Heaven
    এই ভিডিঅ'তো মোৰ দ্বিতীয় প্রয়াস।
    "পোষণ"(POSHAN) অভিযান আঁচনিৰ বিষয়ে জানিবলগীয়া বহুতো কথা আপোনালোকৰ আগত ভিডিঅ'টোৰ জৰিয়তে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ।
    30 ছেপ্টেম্বৰ 2023 তাৰিখৰ দিনা পানীতোলা ন গাঁৱত "পোষণ"(Pushan) অনুষ্ঠানৰ সামৰণি কাৰ্যসূচী অনুষ্ঠিত কৰে। সংহত শিশু উন্নয়ন আঁচনি অৰ্থাৎ Integrated Child Development Service , চমুকৈ ICDS ৰ উদ্যোগত গুইজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পানীতোলা শাখাৰ 31 টা অংগনবাড়ী‌ কেন্দ্ৰই লগ লাগি ষষ্ঠ বাৰ্ষিক পোষণ মাহৰ এই কাৰ্য সূচী পালন কৰে। গীত- মাত , নৃত্য , গুৰুত্বপুৰ্ণ বিষয়ৰ ওপৰত আলোচনা, TLM আৰু থলুৱাভাৱে উপলব্ধ শাক- পাচলিৰ প্ৰদৰ্শনী আদিৰে এটা সাফল্যপূৰ্ণ অনুষ্ঠান । অনুষ্ঠানটোত দুজন পুষ্টিহীনতাত ভোগা শিশুক পৰিগ্ৰহণ আৰু তিনিজন স্বাস্থ্যৱান শিশুক পুৰস্কৃত কৰা কাৰ্য প্ৰশংসনীয় ।
    আহকচোন অনুষ্ঠানটোনো কি তাৰ বিষয়ে অলপ জানো....
    সংহত শিশু উন্নয়ন আঁচনি ( Integrated Child Development Service, চমুকৈ ICDS) মুঠ ছয়টা সেৱাৰ লগত জড়িত। অনানুষ্ঠানিক প্ৰাক-প্ৰাথমিক শিক্ষা, পৰিপূৰক পুষ্টি সাধন, পৰিপুষ্টি আৰু স্বাস্থ্য শিক্ষা, স্বাস্থ্য পৰীক্ষা, প্ৰতিষেধক আৰু প্ৰেৰণ সেৱা।অংগনবাড়ী‌ কেন্দ্ৰসমূহত শিশুৰ সৰ্বাংগীন বিকাশ(All around development) ৰ ওপৰত গুৰুত্ব দিয়া হয়। 0-6 বছৰৰ সকলো শিশুৰ প্ৰতি মাহত ওজন লোৱাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা হয়।
    "পোষণ"( Prime Minister's Overarching Scheme for Holistic Nourishment,POSHAN) শিশু আৰু মাতৃৰ লগত জড়িত এক কল্যাণ মূলক আঁচনি। 2018 চনত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাজস্থানত "পোষণ অভিযান" নামৰ এখন আঁচনি প্ৰণয়ন কৰিছিল। ইয়াৰ মূল লক্ষ্য হৈছে ভাৰতক পুষ্টিহীনতা মুক্ত কৰা। এনিমিয়াত ভোগা শিশু - মাতৃৰ পৰিমাণ হ্ৰাস কৰাৰ উদ্দেশ্য পিছত অসমতো পোষণ অভিযান আঁচনি গ্ৰহণ কৰা হয় ।ভাৰত চৰকাৰে সমগ্ৰ ভাৰততে ছেপ্টেম্বৰ মাহতো পোষণ মাহ হিচাপে ঘোষণা কৰে। এই মাহত মাহজোৰা বিভিন্ন কাৰ্য্যসূচীৰে শিশু আৰু মাতৃৰ বাবে পুষ্টি সজাগতামূলক কাম কৰে ।সকলোৰে বাবে স্বাস্থ্য আৰু পুষ্টি নিশ্চিত কৰাই পোষণ মাহৰ প্ৰধান লক্ষ্য।
    সম্পূৰ্ণ মাহটো বিভিন্ন কাম - কাজ কৰাৰ পিছত সামৰণি অনুষ্ঠান আয়োজন কৰি সকলো লোকক সজাগ কৰা , পুষ্টিহীনতাৰ ওপৰত আলোচনা লগতে পুষ্টিহীনতাত ভোগা শিশুক পৰিগ্ৰহণ (adoption) কৰা আৰু সুস্থ শিশুক পুৰস্কৃত কৰাতো সঁচাকৈ উল্লেখনীয়।
    pushan ki
    pushon asoni ki
    পোষণ আঁচনি
    pushon asoni
    pushan asoni
    pusan asone
    Poshan abhiyaan
    Poshan abhiyaan meaning
    new assamese song
    new video
    my first Vlog
    Poshan abhiyaan full form
    assamese vlog video
    new viral video vlog
    viral video
    vlog video
    Joyshree saikia
    Joyshree's heaven

Комментарии • 43